বিলাসীপাৰা : বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড। চাৰিটাকৈ পৰিয়াল গৃহহীন হয় এই বিধ্বংসী অগ্নিকাণ্ডত। পৰিয়াল চাৰিটাৰ প্ৰায় ১২ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।

ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বিলাসীপাৰাৰ নয়েৰ আলগাত সংযতিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত চাৰিটাকৈ পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডত আনোৱাৰ হুছেইন, জাকিৰ হুছেইন, হাবিবুৰ ৰহমান আৰু ছবিউৰ ৰহমান নামৰ লোক চাৰিজনৰ ঘৰ ভস্মীভূত হোৱাত পৰিয়াল চাৰিটা গৃহহীন হৈ পৰে। পৰিয়াল চাৰিটাৰ প্ৰায় ১২ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।

অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।