গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ভয়ংকৰ অগ্নিকাণ্ড। সন্ধিয়াৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিকিৎসালয়ৰখনৰ চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে ৰোগীৰ মাজত হাহাকাৰ। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

সোমবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়।হাস্পতালত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিকিৎসা মহাবিদ্যালয়খনৰ পুৰণি বিল্ডিংৰ প্ৰথম মহলাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। জুইৰ লেলিহান শিখাই পুৰণি বিল্ডিংৰ প্ৰথম মহলাত বিয়পি পৰাত চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে ৰোগীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

জুই ইমানেই ভয়ংকৰ আছিল যে জুইৰ ক’লা ধোৱাই সমগ্ৰ পুৰণি বিল্ডিংৰ আৱৰি ধৰে। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ দীৰ্ঘসময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ বহু সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

পুৰণি বিল্ডিংৰ প্ৰথম মহলাত থকা গবেষণাগাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। জুইৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। তদন্তৰ পিছতে জুইৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।