নিউজ ডেস্ক : অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) ১১ টাকৈ স্থানক নতুন নাম দিলে চীনে (China)। ১১ টা ঠাই তিব্বতৰ অংশ বুলি চীনৰ দাবী। চীনৰ এই কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ বিদেশ মন্তৰলায়ে কালে “অৰুণাচল প্ৰদেশ ভাৰতৰ অখণ্ড অংগ, এইয়াই বাস্তৱ।”

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদৰ মাজতে চীনৰ এক কাণ্ডই পুনৰ চৰ্চাৰ বিন্দু হৈ পৰিছে। চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ প্ৰামাণিক নাম জাৰি কৰিছে। চীনে এই অঞ্চলটোক তিব্বতৰ দক্ষিণ অংশ জাংনান বুলি অভিহিত কৰিছে।

চীনে সময়ে সময়ে অৰুণাচল প্ৰদেশ চীনৰ অংগ বুলি দাবী কৰি থাকে। আকৌ এবাৰ চীনে নিজৰ মানচিত্ৰত অৰুণাচলৰ সৈতে জড়িত ঠাইৰ নাম সলনি কৰিছে। চীনৰ এই কাণ্ডৰ পিছতে চৰ্চালৈ আহিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতি। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় “চীনৰ এনে প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে নহয়। আমি ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰো। অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ।”

তেওঁ লগতে কয় যে আৱিষ্কৃত নাম নিৰ্ধাৰণৰ চেষ্টাই অৰুণাচল প্ৰদেশ ভাৰতৰ অংগ হয় এই বাস্তৱতাক সলনি নকৰে। উল্লেখ্য যে ১ এপ্ৰিলত চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে চীনৰ কেবিনেট ৰাজ্য পৰিষদে জাৰি কৰা ভৌগোলিক নাম সম্পৰ্কীয় নিয়ম অনুসৰি অৰুণাচল প্ৰদেশক তিব্বতৰ দক্ষিণ অংশ জাংনান বুলি অভিহিত কৰি অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ নাম জাৰি কৰিছিল

এই তালিকাত দুটা আৱাসিক এলেকা, পাঁচটা পৰ্বতৰ শৃংখ, দুখন নদী আৰু আন দুটা অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছে। তালিকাৰ লগতে এখন মানচিত্ৰও মুকলি কৰিছে চীনে। গ্ল’বেল টাইমছৰ প্রতিবেদন অনুসৰি চীনে যিবোৰ স্থানৰ নাম সলনি বা ‘স্বীকৃতি’ দিয়াৰ সিদ্ধান্ত লৈছে তাৰ ভিতৰত অৰুণাচল প্রদেশৰ ৰাজধানী ইটানগৰৰ সমীপত থকা ঠাই এখনো আছে৷ যোৱা ছবছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে চীনে অৰুণাচল প্রদেশৰ নাম সলনি কৰিছে৷

চীনে অৰুণাচল প্ৰদেশৰ এই অংশটোক তিব্বতৰ জাংনান প্ৰদেশ বুলি অভিহিত কৰে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰত চৰকাৰে কৈছিল যে চীনে অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ নাম “নিজৰ ভাষাত” সলনি কৰিবলৈ চেষ্টা কৰা বুলি বাতৰি প্ৰকাশ পাইছে।