কৰিমগঞ্জ : অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ বিৰোধী অভিযানৰ সৰ্ব বৃহৎ সাফল্য। অসম আৰক্ষীয়ে জব্দ কৰিলে ৪০ কোটি টকা মূল্যৰ হে’ৰইন (Drugs)। এখন চিমেণ্টৰ ট্ৰাকত লুকুৱাই অনা হৈছিল এই বৃহৎ পৰিমাণৰ ৪০ কোটি টকা মূল্যৰ হে’ৰইন।

ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানত প্ৰতিদিনে জালত পৰিছে এটাৰ পিছত আনটো ড্ৰাগছ সৰবৰাহকাৰী। ইতিমধ্যে অসম আৰক্ষীয়ে কেইবাটাও বৃহৎ সাফল্য লাভ কৰি জব্দ কৰিছে কেইবাকোটি টকা মূল্যৰ ড্ৰাগছ।

অসম আৰক্ষীয়ে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান চলাই এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে এক বৃহৎ সাফল্য। এই সাফল্য এতিয়ালৈকে অসম আৰক্ষীয়ে লাভ কৰা সাফল্য সমূহৰ ভিতৰত সৰ্ব বৃহৎ সাফল্য। এখন ট্ৰাকৰ পৰা অসম আৰক্ষীয়ে জব্দ কৰিছে ৪০ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ হে’ৰইন। চিমেণ্টৰ ট্ৰাকত অতি কৌশলেৰে লুকুৱাই অনা হৈছিল এই বৃহৎ পৰিমাণৰ হে’ৰইন।

এক গোপন খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত এক অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত কৰিমগঞ্জ আৰক্ষীয়ে এখন চিমেণ্টৰ ট্ৰাকত তালাচী চলাই ট্ৰাকখনত অতি কৌশলেৰে লুকুৱাই অনা ৯.৮৬ কেজি হে’ৰইন জব্দ কৰে। ৭৬৪ টা চাবোনৰ বাকচত এই বৃহৎ পৰিমাণৰ হে’ৰইনখিনি লুকুৱাই অনা হৈছিল।

কৰিমগঞ্জ আৰক্ষীয়ে জব্দকৃত হে’ৰইনখিনিৰ বজাৰ মূল্য ৪০ কোটি টকা হ’ব বুলি অনুমান কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়ে যে এই বৃহৎ পৰিমাণৰ হে’ৰইনখিনি মিজোৰামৰ পৰা অনা হৈছিল আৰু ত্ৰিপুৰালৈ নি থকা হৈছিল। আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।