গুৱাহাটী : ক’ভিডৰ আতংকময় পৰিৱেশ স্লান হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলো মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ৰাজ্যৰ সৰ্বত্ৰে দৌল উৎসৱ উলহ মালহেৰে পালন কৰাৰ লগতে মহানগৰী গুৱাহাটীটো ৰাইজৰ মাজত ৰঙৰ উৎসৱ ফাকুৱাকলৈ দেখা যায় হৰ্ষ-উল্লাস।

ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে মহানগৰীৰ ৰাজপথ সমূহত দেখা যায় এক ৰঙীন আৰু আনন্দময়ী পৰিৱেশ। বিগত দুবছৰ ধৰি কভিডসৃষ্ট পৰিৱেশৰ ফলত ৰঙৰ উৎসৱ ফাকুৱাকলৈ ৰাইজৰ মাজত নাছিল বিশেষ উৎসাহ। এইবাৰ ক’ভিড মহামাৰীৰ ভয়াবহ পৰিস্থিতি স্লান পৰাত ৰাইজ পুনৰ ফাকুৱা খেলিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। যুৱক-যুৱতীৰ লগতে শিশুসকল ৰাজপথলৈ ওলাই আহি ইজনে সিজনক ফাকু লগাই ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে।

মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰত ফ্রেণ্ডছ ক্লাবে আয়োজন কৰা হোলী মহোৎসৱত মহানগৰীবাসী মিলিত হৈ গীতৰ তালে তালে নাচি, বতাহত ফাকুৱা উৰুৱাই হোলীৰ আনন্দত মতলীয়া হৈ পৰে। মহানগৰীৰ ফাঁচী বজাৰৰ লগতে বিভিন্ন প্ৰান্তত ফাকুৱাক লৈ উদুলি মুদুলী পৰিৱেশ দেখিবলৈ পোৱা যায়।

ক’ভিডৰ আতংকময় পৰিৱেশ স্লান পৰাত মহানগৰীৰ বিভিন্ন অঞ্চলত ৰঙৰ উৎসৱ ফাকুৱাকলৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। ৰাইজ ৰাজপথলৈ ওলাই আহি ৰঙ খেলত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় যদিও যুৱ প্ৰজন্মই হৰ্ষ-উল্লাসেৰে উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা। ফাঁচী বজাৰৰ ফ্রেণ্ডছ ক্লাবৰ ফালৰ পৰা মহানগৰীবাসীক সুৰক্ষিত থাকি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰাৰ আহ্বান জনোৱা হয়।