গুৱাহাটী : বিধ্বংসী অগ্নিকাণ্ডত (Fire Incident) জাহ গ’ল ১০ কোটিতকৈও অধিক টকাৰ সম্পত্তি। দুটাকৈ ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত। ব্যৱসায়ী প্ৰতিষ্ঠান দুটাৰ ভিতৰত থকা চিলিণ্ডাৰো বিস্ফোৰণ। জ্বলি ছাই হ’ল কেইবাখনো বিলাসী বাহন।

মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বেলতলাস্থিত দুটা বিলাসী বাহনৰ প্ৰতিষ্ঠানত পুৱা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত ১০ কোটিতকৈও অধিক টকাৰ সম্পত্তি জাহ যায়।

ব্যৱসায়ী সঞ্জীৱ নাৰায়ণৰ বেলতলাস্থিত ইছোজু আৰু বেনিলি নামৰ বিলাসী বাহনৰ প্ৰতিষ্ঠান দুটাত পুৱাৰ ভাগত হঠাৎ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত বিলাসী বাহনৰ প্ৰতিষ্ঠান দুটা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰতিষ্ঠান দুটাত থকা কেইবাখনো বিলাসী বাহন অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায়।

অগ্নিকাণ্ডৰ ফলত ১০ কোটিতকৈও অধিক টকাৰ সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত জুইৰ লেলিহান শিখাই বিলাসী বাহনৰ প্ৰতিষ্ঠান দুটাত বিয়পি পৰাত ৰাইজ আতংকিত হৈ পৰে। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপন বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

অগ্নিকাণ্ডৰ সময়ত প্ৰতিষ্ঠান দুটাৰ ভিতৰত থকা চিলিণ্ডাৰো বিস্ফোৰণ হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ ৮ খনকৈ গাড়ী দীর্ঘ সময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।