গোৱালপাৰা : পুনৰ মাদ্ৰাছা উচ্ছেদ (Madrassa Eviction)। পুনৰ উচ্ছেদ অভিযান চলিল ৰাজ্যৰ এখন মাদ্ৰাছাত। জেহাদী (Jehadi) কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ মাদ্ৰাছাখনৰ শিক্ষকৰ বিৰুদ্ধে। বহিঃৰাজ্যৰ দুজন শিক্ষক আছিল মাদ্ৰাছাখনত।

জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত ৰাজ্যত পুনৰ উচ্ছেদ অভিযান চলিল এখন মাদ্ৰাছাত। গোৱালপাৰা জিলাৰ এখন মাদ্ৰাছাৰ শিক্ষক জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মাদ্ৰাছাখন উচ্ছেদ অভিযান চলিল। পিছে এইবাৰ প্ৰশাসনৰ পৰিবৰ্তে ৰাইজে উচ্ছেদ অভিযান চলালে মাদ্ৰাছাখনত।

প্ৰশাসনে নহয় ৰাইজে ভাঙিলে গোৱালপাৰা জিলাৰ চৰাঞ্চলত থকা এখন মাদ্ৰাছা। গোৱালপাৰা জিলাৰ পাখিউৰাৰ দাৰোগাৰ আলগা চৰত থকা মাদ্ৰাছা ভাঙিলে ৰাইজে। দাৰোগাৰ আলগা চৰৰ মছজিদ প্ৰাংগণত থকা মাদ্ৰাছাখনত জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জালাল উদ্দিনে বহিঃৰাজ্যৰ দুজন শিক্ষকক নিয়োগ কৰিছিল। উক্ত মাদ্ৰাছাখনত ইমাম আছিল আব্বাছ আলী।

ইতিমধ্যে বঙাইগাঁও আৰক্ষীয়ে আব্বাছ আলীক জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। মাদ্ৰাছাখনৰ বহিঃৰাজ্যৰ শিক্ষক দুজন ক্ৰমে আমিনুল ইছলাম আৰু জাহাঙ্গীৰ আলম সম্প্ৰতি পলাতক অৱস্থাত আছে। বহিঃৰাজ্যৰ শিক্ষক দুজনে মাদ্ৰাছাখনত শিক্ষকৰূপে থাকি জেহাদী কাৰ্যকলাপ চলাই।যোৱাৰ অভিযোগ উত্থাপন হৈছে।

মাদ্ৰাছাখন স্থাপন কৰিছিল ধৃত জালাল উদ্দীনে। মাদ্ৰাছাখনৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছিল বুলি জানিব পৰা গৈছে। মাদ্ৰাছাখন জেহাদীৰ ঘাটিৰূপে চিহ্নিত কৰিছিল আৰক্ষীয়ে। দুদিনপূৰ্বে মাদ্ৰাছাখন প্ৰশাসনে উচ্ছেদ কৰাৰ কথা আছিল যদিও প্ৰশাসনে উচ্ছেদ কৰা নাছিল।সেয়ে দাৰোগাৰ আলগা চৰৰ স্থানীয় ৰাইজে মাদ্ৰাছাখন উচ্ছেদ কৰে।