গুৱাহাটী : ৰাজ্যত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনা দুটাত মৃত্যু হৈছে ৭ জনকৈ লোকৰ। ছিপাঝাৰত এখন তীব্ৰ বেগী ট্ৰাকে ৭ জনকৈ লোকক মহতিয়াই নিয়াত মৃত্যু হয় ৫ জন লোকৰ। আনহাতে কলিয়াবৰ হাতীবন্ধাত সংঘটিত হোৱা আনটো পথ দুর্ঘটনাত নিহত হয় দুজনকৈ লোক।

মংগলবাৰে পুৱাৰ ভাগত ৰাজ্যত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনা দুটাত প্ৰাণ হেৰুৱাই ৭ জনকৈ লোক। প্ৰথমটো ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয় দৰং জিলাৰ মঙলদৈৰ ছিপাঝাৰত। ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় ৩ জনকৈ লোক।

এই ভয়ংকৰ পথ দুর্ঘটনাত আহত হয় ৪ জন লোক। আহত লোক সকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত আন ২ জন লোকৰ মৃত্যু ঘটে। পুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত খোজ কাঢ়ি থকা ৭ জনকৈ লোকক এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে।

এএছ-১১-বিচি-১৫৫৫ নম্বৰৰ তীব্ৰ বেগী ট্ৰাকখনে মহতিয়াই নিয়াত থিতাতে নিহত হয় জিন্টুমণি আহমেদ, ইন্দাদুল হক নামৰ দুজন যুৱকৰ লগতে জয়মতী বৰুৱা নামৰ এগৰাকী বৃদ্ধা। আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আন ২ জনৰ মৃত্যু হয়। বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা অনা ২ জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে পুৱাৰ ভাগতে কলিয়াবৰ হাতীবন্ধাত সংঘটিত হোৱা আনটো ভয়ংকৰ পথ দুর্ঘটনাত থিততে নিহত হয় ২ জনকৈ লোক। এই পত্ৰ দুর্ঘটনা আহত হয় এটি শিশু আৰু মহিলাসহ ৫ জনকৈ লোক। এখন মালবাহী মেজিক আৰু যাত্ৰীবাহী টেম্পুৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ফলত ২ জন লোক থিতাতে নিহত হয়। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।