ইজনা মামুল হক চৌধুৰী

লখিমপুৰ 

২৪ জুলাই

লখিমপুৰৰ তিনিঠেঙীয়াত ভয়ংকৰ ঘটনা। পৰিয়াল লোকক এফালৰ পৰা ঘপিয়াই হত্যাৰ চেষ্টা এজন যুৱকৰ। পত্নী, সন্তান, পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক আৰু আৰক্ষীৰ লোককো আক্ৰমণ যুৱক জনৰ। আত্মৰক্ষাৰ বাবে আৰক্ষীৰ ধাৰাষাৰ গুলীচালনা।

লখিমপুৰ জিলাৰ তিনিঠেঙীয়াত এজন যুৱকে নিজ পত্নী, সন্তান, পৰিয়ালৰ লোক আৰু স্থানীয় লোককো এফালৰ পৰা ঘপিয়াই হত্যা কৰাৰ চেষ্টা চলাই। নুৰ জামাল ওৰফে জামাল উদ্দিন নামৰ যুৱক জনে হঠাতে চলোৱা আক্ৰমণত যুৱক জনৰ পত্নী শ্বাহিদা বেগম নিহত হোৱাৰ লগতে গুৰুত্বৰ ভাৱে আহত হৈছে যুৱক জনৰ পিতৃ, মাতৃ আৰু পৰিয়ালৰ আন কেবাজনো লোক। পত্নীক হত্যা কৰি পৰিয়ালৰ লোকক আক্ৰমণ কৰাৰ পিছত যুৱক জনে স্থনীয় লোককো দাৰে আক্ৰমণ কৰাত কেইবাজানো লোক আহত হৈছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰাত যুৱক জনে আৰক্ষীৰ লোককো দৰে আক্ৰমণ কৰে। যুৱক জনৰ দাৰ ঘাপত বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন সিঙৰ লগতে কেবাজনো আৰক্ষী লোক আহত হোৱাত বঙালমৰা আৰক্ষীয়ে বাধ্য হৈ আত্মৰক্ষাৰ বাবে ধাৰাষাৰ গুলী চালনা কৰে।

আৰক্ষীয়ে গুলী চালনা কৰাত স্থানীয় লোকে খেদি খেদি হত্যাকাৰী যুৱক জনক প্ৰহাৰ কৰাত যুৱক জনে ঘটনাস্থলীতে দাৰে নিজৰ ডিঙিত ৰেপি আত্মহত্যাৰ চেষ্টা চলায়। ইফালে আত্মৰক্ষাৰ বাবে গুলী চালনা কৰিবলৈ বাধ্য হোৱা আৰক্ষীৰ গুলীত স্থানীয় ৰমজান আলী নামৰ এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।