শিলচৰ : শিলচৰত চাঞ্চল্যকৰ।ঘটনা। পৰ্যবেক্ষণ গৃহৰ পৰা পলায়ন পাঁচ গৰাকী ৰোহিংগীয়া শিশুৰ। শিলচৰৰ এটা পৰ্যবেক্ষণ গৃহৰ দেৱাল ভাঙি দুই স্থানীয় শিশুসহ পাঁচ গৰাকী ৰোহিংগীয়া শিশু পলায়ন কৰিছে। শিলচৰ আৰক্ষীয়ে শিশুসহ ২৬ গৰাকী ৰোহিংগীয়া নাগৰিকক আটক কৰিছিল।

কাছাৰ জিলাৰ শিলচৰৰ মেহেৰপুৰৰ এটা পৰ্যবেক্ষণ গৃহৰ পৰা পাঁচ গৰাকী ৰোহিংগীয়া শিশুসহ মুঠ সাত গৰাকী শিশুৱে পলায়ন কৰিছে। মেহেৰপুৰৰ পৰ্যবেক্ষণ গৃহৰ দেৱাল ভাঙি শিশু সকল পলায়ন কৰে। এই চাঞ্চল্যকৰ ঘটনা যোৱা ১ জুলাইত সংঘটিত হৈছিল।

পৰ্যবেক্ষণ গৃহৰ পৰা শিশুৰ পলায়নে শিলচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে শিলচৰ আৰক্ষীয়ে পুৰুষ-মহিলাসহ ১২ গৰাকী ৰোহিংগীয়া শিশুক আটক কৰিছিল। আৰক্ষীয়ে ৰোহিংগীয়া পুৰুষ-মহিলা সকলক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰাখি শিশু সকলক পৰ্যবেক্ষণ গৃহত ৰাখিছিল।