মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰত ঈদ-উল-আজহা উদযাপনকলৈ ব্যাপক প্ৰস্তুতি। মিৰজুমালাৰ ঐতিহাসিক ঈদগাহ মৈদানত পুৱা ৮ বজাত অনুষ্ঠিত হ’ব ঈদ-উল-আজহাৰ নামাজ। ১০ সহস্ৰাধিক লোকে একেলগে আদায় কৰিব ঈদ-উল-আজহাৰ নামাজ। ঈদ-উল-আজহাৰ নামাজৰ পিছতে ঘৰে ঘৰে হ’ব কোৰবাণী।

দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ-উল-আজহা। বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰিব পৱিত্ৰ ঈদ-উল-আজহা। ইতিমধ্যে ঈদ-উল-আজহা উদযাপনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোক সকলে।ঈদ-উল-আজহা উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ প্ৰায় শতাধিক ঈদগাহ মৈদান আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

বিশেষকৈ অসম-মেঘালয় তথা ভাৰত-বাংলাদেশ সীমান্তবৰ্তী মানকাচৰৰ মিৰজুমালা ঐতিহাসিক ঈদগাহ মৈদানত ঈদ-উল-আজহাৰ নামাজ আদায় কৰাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে। মিৰজুমালা ঐতিহাসিক ঈদগাহ মৈদানত প্ৰায় ১০ হেজাৰ ইছলাম ধৰ্মৰ লোক সকলে একেলগে নামাজ আদায় কৰিবলৈ ব্যৱস্থা হাতত লোৱা হৈছে। ইফালে ঈদ-উল-আজহা উপলক্ষে বজাৰ সমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক ভিৰ।

পছন্দৰ নতুন কাপোৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে দোকান সমূহত ৰাইজে ভিৰ কৰিছে। দেওবাৰে পুৱা ৮ বজাত।ঈদ-উল- আজহাৰ নামাজ সম্পন্ন হোৱাৰ পিছত ৯ বজাৰ পৰা জিলাবাসীয়ে ঘৰে ঘৰে পশু কোৰবাণী দিব। ইতিমধ্যে কুৰবাণীৰ বাবে পশু ক্ৰয় কৰিছে দক্ষিণ শালমাৰা-মানকাচৰবাসী ৰাইজ। জিলাখনৰ পশু বজাৰ সমূহতো দেখিবলৈ পোৱা গৈছিল ব্যাপক ভিৰ।