গুৱাহাটী : দক্ষিণগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰিল ব’লেৰ পিক আপ বাহন। নিহত এজন শ্ৰমিক, আহত দুর্ঘটনাগ্ৰস্ত বাহনখনৰ চালক। স্থানীয় ৰাইজ আৰু ভগদত্তপুৰ আৰক্ষীয়ে তৎপৰতাৰে আহত চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পথছোৱাত লাইট নথকাৰ বাবেই এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।

শুকুৰবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। কাহিলিপাৰা দিশৰ পৰা আহি থকা এএছ-০১-এলচি-৮৯৮৫ নম্বৰৰ এখন তীব্ৰ বেগী ব’লেৰ পিক আপ বাহন দক্ষিণগাঁও তিনি আলিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে। এই পথ দুর্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে বাহনখনৰ চালক গুৰুত্বৰভাৱে আহত হয়।

নিহত লোকজনৰ নাম চানিদুল আলী বুলি জানিব পৰা গৈছে। দিন হাজিৰা কৰা শ্ৰমিক চানিদুল আলী বৰপেটা জিলাৰ পালহাজিৰ বাসিন্দা। দক্ষিণগাঁৱত ভাড়া ঘৰত থাকি দিন হাজিৰাৰ কাম কৰিছিল নিহত চানিদুল আলী। দুর্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে স্থানীয় ৰাইজে অভিযোগ কৰে যে দুর্ঘটনা সংঘটিত হোৱা ঠাইত ডিভাইদাৰ আছে কিন্তু ডিভাইদাৰ থকাৰ কোনো চিহ্ন নাই, লগতে পথছোৱাত লাইটৰ কোনো ধৰণৰ ব্যৱস্থা নাই। লাইট আৰু ডিভাইদাৰ থকাৰ চিহ্ন নথকাৰ বাবেই এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হোৱা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে। দক্ষিণগাঁৱৰ ৰাইজে অতি শীঘ্ৰে পথছোৱাত লাইটৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।