গুৱাহাটী : নেৰানেপেৰা বৰষুণে অধিক শোচনীয় কৰি তুলিছে ৰাজ্যৰ বান পৰিস্থিতি। এফালে বানৰ তাণ্ডৱ আনফালে সংঘটিত হৈছে এটাৰ পিছত আনটো ভূমিস্খলনৰ ঘটনা। আগন্তক কেইবাদিনো বৰষুণৰ ধাৰা একেদৰে থাকৰ সম্ভাৱনা ব্যক্ত কৃষৰ বতৰ বিজ্ঞান কেন্দ্ৰই। ফলত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা।

ৰাজ্যত বছৰৰ দ্বিতীয়টো বান পৰিস্থিতি দিনক দিনে অধিক শোচনীয় হৈ পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ পৰা নামনিলৈকে ৰাজ্য কেইবাখনো জিলা বানৰ কবলত পৰিছে। ফেনে ফুটকাৰে নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কেইবাঠাইত মাথাউৰি ছিঙি জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল।

বলিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰি থকাৰ মাজতে ভূতৰ ওপৰত দানব পৰা দি পৰিছে ভূমিস্খলন। ৰাজ্যৰ বহু কেইটা অঞ্চলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। গুৱাহাটী মহানগৰীৰে কেইবা ঠাইত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনা আহত হৈছে কেইবাজনো লোক। কামাখ্যা আৰু নুনমাটিত ভূমিস্খলনত আহত হৈছে তিনিজনকৈ লোক।

কামাখ্যাৰ নাৰ্চৰীত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি এজন লোকৰ ঘৰ ভাঙি পেলাই। এই ঘটনাত এগৰাকী মহিলা আহত হৈছে। আনহাতে নুনমাটিৰ শালবাৰীৰ পাহাৰীয়া অঞ্চলত আন এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত দুজনকৈ লোক আহত হয়। ইফালে বৃহস্পতিবাৰে পুৱাৰ ভাগত গোৱালপাৰাত দেৱাল খহি দুটি শিশু মৃত্যুৰ মুখত পৰে।

ইয়াৰ বিপৰীতে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে মেঘালয়ৰ মাজেৰে কাছৰলৈ যোৱা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত। প্ৰৱল বৃষ্টিপাতৰ ফলত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহি এখন ট্ৰাক আৰু এখন বিলাসী বাহন সোমাই পৰে। ফলত উক্ত পথটোৰে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।