গুৱাহাটী : লায়ন্স ক্লাবে গুৱাহাটী উমাঙৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে সমাজৰ দুখীয়া লোকসকলৰ বাবেও যথেষ্ট কাম কৰি আছে, এই মন্তব্য অভিনেত্ৰী আইমী বৰুৱাৰ। মুখ্য অতিথি হিচাপে উপস্থিত থাকি অভিনেত্ৰী আইমী বৰুৱা আৰু সন্মানীয় অতিথি হিচাপে মেঘৰঞ্জনী মেধিয়ে যুটীয়াভাৱে গুৱাহাটী উমাঙৰ লায়ন্স ক্লাবৰ দ্বাৰা আয়োজিত “উমাং ৱাৰ্ডৰোব ষ্টৰী” শীৰ্ষক প্ৰদৰ্শনীখন উদ্বোধন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা আইমী বৰুৱাই লায়ন্স উমাঙৰ সামাজিক কামক প্ৰশংসা কৰে। এই উপলক্ষে বিশেষ অতিথি মেঘৰঞ্জনী মেধিয়ে কয় যে আজিৰ যুগত মহিলাসকল কাৰো তুলনাত কম নহয়।

লায়ন্স উমাঙে এই প্রদর্শনীখন আয়োজন কৰি মহিলা সকলক স্বাৱলম্বী কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে, যিটো প্ৰশংসনীয়। ক্লাবৰ জনসম্পর্ক বিষয়া পায়েল চাধাই কয় যে সভাপতি ৰিতু বাঙ্কাৰ নেতৃত্বত “উমং ৱাৰ্ডৰোব ষ্টৰী” নামৰ এই এদিনীয়া প্ৰদৰ্শনীখন গুৱাহাটীৰ এ টি ৰোডত অৱস্থিত হোটেল বিশ্বৰত্নত আয়োজন কৰা হয়। এই উপলক্ষে মহিলা মংগল, নৱ জাগৃতি, ৱোমমানিয়াছ, বছ, ফিকি ফ্লোকে ধৰি বিভিন্ন সামাজিক সংগঠনৰ বিষয়াসকল উপস্থিত থাকে। সভাপতি ৰিতু বাঙ্কাই জানিবলৈ দিয়ে যে এই এদিনীয়া প্রদর্শনীত আমাৰ লক্ষ্য হৈছে স্থানীয় পৰম্পৰাগত অসমীয়া কাপোৰৰ লগতে আন আকৰ্ষণীয় সামগ্ৰী প্ৰচাৰ আৰু প্ৰসাৰ কৰা। প্ৰদৰ্শনীত হাতেৰে তৈয়াৰী শাৰী, চালৱাৰ চুইট, ফেন্সি কুৰ্টিছ, কৃত্ৰিম গহনা, বিছনা চাদৰ, ৰাখি, হোম ডেকোৰ আৰু বহুতো উপলব্ধ।

এই প্ৰদৰ্শনীৰ বেছিভাগ ষ্টল ক্লাবৰ সদস্য সকলে স্থাপন কৰিছে, যি মহিলা সকলক আগবাঢ়ি যাবলৈ উৎসাহিত কৰাত আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল কৰাত যথেষ্ট সহায়ক হিচাপে প্রমাণিত হৈছে। কাৰ্যসূচী সমন্বয়ক পুনম টোড়িয়ে কয় যে এই অনুষ্ঠানটোক এক বৃহৎ সফলতা প্ৰদান কৰাত, লায়ন্স উমাঙৰ প্ৰতিষ্ঠাপক সভাপতি সীমা গোয়েঙ্কা, সচিব অনিতা লোহিয়া, ৱৰ্কিং টীম মধু বাঙ্কা, জ্যোতি খেমকা, নীতু শ্বৰাফ, অৰ্চনা আগৰৱালা, সুন্দৰ পাৰেক, কুসুম জৈন, অনুপমা চিকাৰিয়া, পূজা খেমকা, ৰীমা দাস মল্লিক, অঞ্জু আগৰৱালা আৰু উমঙৰ সকলো সদস্যৰ সম্পূৰ্ণ সহযোগিতা আছিল। বাঙ্কাই কয় যে ক্লাবটোৱে বিভিন্ন সামাজিক কামৰ বাবে সময়ে সময়ে সমুদায় ধন ব্যয় কৰিব।