জোনমণি বেগম
বিশ্বনাথ : এক নৃশংস হত্যাকাণ্ড। সুৰামত্ত স্বামীৰ প্ৰহাৰত প্ৰাণ গ’ল পত্নীৰ। এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বিশ্বনাথত। বিশ্বনাথত সুৰামত্ত স্বামীৰ নিৰ্মম প্ৰহাৰত থিতাতে নিহত হয় পত্নী। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামীক।

বিশ্বনাথৰ সাকোমঠাৰ পাকা লাইনত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। সুৰামত্ত স্বামীৰ নিৰ্মম প্ৰহাৰত নিহত হৈছে পত্নী। বুধবাৰে নিশাৰ ভাগত স্বামী-স্ত্ৰীৰ মাজত সামান্য কাজিয়াৰ সূত্ৰপাত ঘটাত সুৰামত্ত স্বামী প্ৰদীপ মুণ্ডাই এডাল লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে পত্নী প্ৰীতি মুণ্ডাক।

স্বামীৰ লাঠিৰ প্ৰহাৰত থিতাতে নিহত হয় পত্নী প্ৰীতি মুণ্ডা। নিশা পত্নীক হত্যা কৰি ঘৰৰ চোতালতে পত্নীৰ মৃতদেহ পেলাই ৰাখিছিল প্ৰদীপ মুণ্ডাই। পুৱা হত্যাকাৰী প্ৰদীপ মুণ্ডাৰ ঘৰৰ চৌহদত প্ৰীতি মুণ্ডাৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীক খবৰ দিয়ে।

বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰীতি মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী স্বামী প্ৰদীপ মুণ্ডাক। প্ৰদীপ মুণ্ডাই পত্মীক নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।