আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰীৰ চৰাঞ্চলত বানপানীৰ লগতে গৰাখহনীয়াৰ  তাণ্ডৱ। এফালে বাঢ়নী পানীত জলমগ্ন বিস্তীৰ্ণ অঞ্চল, আনফালে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰক্ষেত্ৰীৰ চৰাঞ্চলত। বহু চৰকাৰী প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই। বানপানীৰ মাজতে গৰাখনকীয়াৰ ভয়াবহ ৰূপ দেখি মূৰে কপালে হাত দিছে চৰাঞ্চলৰ সর্বসাধৰণ ৰাইজে।

বছৰৰ প্ৰথমটো বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ, উপ-নৈ সমূহৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ ২৭ খনকৈ জিলা জিলাৰ লাখ লাখ লোক ককবকাইছে বাঢ়নী পানীত। হাজাৰ হাজাৰ লোকে ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে। নালবাৰী জিলাৰো বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে বছৰৰ প্ৰথমটো বানপানীয়ে।

জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলত বানপানীৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে চৰাঞ্চলৰ বাসিন্দা সকল। জিলাখনৰ চৰাঞ্চল সমূহত হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বাঢ়নী পানীৰ তলত ডুব যোৱাৰ লগতে গৰাখহনীয়াৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল। ফলত অসহায় চৰাঞ্চলৰ বাসিন্দা সকল মূৰে কপালে হাত দিবলগীয়া হৈছে।

বিশেষকৈ ভাংনামাৰী চৰৰ ভাংনামাৰী আৰক্ষী থানা, মধ্য কামৰূপ মিলন উচ্চ মাধ্যমিক বিদ্যালয়, ত্ৰিশখন বিচনাযুক্ত ভাংনামাৰী সামূহিক চিকিৎসা কেন্দ্ৰকে আদি কৰি বহুকেইখন প্ৰাথমিক বিদ্যালয়, অংগনবাদী কেন্দ্ৰৰ লগতে বুধবৰীয়া সাপ্তাহিক বজাৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱ ভুমিকাত চৰাঞ্চলত বসবাস কৰা লাখ লাখ লোক এতিয়া গৰাখহনীয়াৰ ফলত আতংকিত হৈ পৰিছে।

চৰাঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰক আহ্বান জনাইছে। এতিয়া প্ৰশ্ন হয় চৰাঞ্চলটোৰ ইমান কেইখন আগশাৰীৰ অনুষ্ঠান গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’বনে বিজেপি নেতৃত্বাধীন চৰকাৰখনে।সময় থাকোতেই চৰাঞ্চলত অব্যাহত থকা গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবনে চৰকাৰে? সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয়।