গোলাঘাট : গোলাঘাট জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা পৰিয়ালৰ তিনিজন লোকক দাৰে আক্ৰমণ। দাৰ ঘপত থিতাতে নিহত এজন। এটি শিশু আৰু এগৰাকী মহিলা আহত। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।

গোলাঘাট জিলাৰ আঠখেলীয়াৰ বেবেজিয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে পুৱতি নিশা বেবেজিয়াৰ দিব্যজ্যোতি দাস নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰি এজন লোকে দিব্যজ্যোতি দাসৰ পৰিয়ালটোক দাৰে আক্ৰমণ চলায়। আক্ৰমণত দিব্যজ্যোতি দাস থিততে নিহত হয়।

আনহাতে দাৰ আক্ৰমণত গুৰুত্বভাৱে আহত হয় দিব্যজ্যোতি দাসৰ ৯ বছৰীয়া পুত্ৰ প্ৰিয়ম দাস আৰু পত্নী চুম্পি দাস। দিব্যজ্যোতি দাসৰ পুত্ৰ আৰু পত্নীক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। নাজিদুৰ ৰহমান নামৰ এজন লোকে ঘটনাৰ লগত জড়িত বুলি ৰাইজে জানিবলৈ দিয়ে।

নাজিদুৰ ৰহমানে ডকাইতিৰ কৰাৰ উদ্দেশ্যেৰে দিব্যজ্যোতি দাসৰ ঘৰত প্ৰৱেশ কৰি দিব্যজ্যোতি দাসৰ পৰিয়ালটোৰ ওপৰত দাৰে আক্ৰমণ চলাইছিল বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে। স্থানীয় ৰাইজে নাজিদুৰ ৰহমানৰ ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম আৰু ঘৰত অগ্নি সংযোগ কৰে। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।