নগাঁও : নগাঁৱত ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী। নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ। নগাঁও জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰা ড্ৰাগছ সমূহ জ্বলাই বিনষ্ট কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আৰক্ষীৰ ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও সাফল্য লাভ কৰিছে। কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনো ড্ৰাগছ মাফিয়াক জালত পেলাবলৈ সক্ষম হৈছে অসম আৰক্ষী। অসম আৰক্ষীৰ এই সাফল্যৰ ধাৰা বর্তমানেও অব্যাহত আছে আৰু প্ৰতিদিনে ৰাজ্যত জব্দ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।

২৬ জুন তাৰিখ সমগ্ৰ বিশ্বতে ড্ৰাগছ বিৰোধী দিৱস হিচাপে পালন কৰা হয়। এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনা ড্ৰাগছৰ ভয়াবহতা সম্পৰ্কে বিশ্ববাসীক সজাগ কৰা হয়। ড্ৰাগছ বিৰোধী এই দিৱসৰ দিনাই অসমত জ্বলাই বিনষ্ট কৰা হয় কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ মাৰাত্মক ড্ৰাগছ। নগাঁও জিলাটো দহন কৰা হয় ড্ৰাগছ।

নগাঁও জিলাৰ বঢ়মপুৰস্থিত ৰঙাযান খেল পথাৰত ড্ৰাগছ মুক্ত অসমৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত বর্ষত নিজ হাতেৰে দহন কৰিছিল প্ৰায় ডেৰ লাখ কোটি টকা মূল্যৰ ড্ৰাগছ। পুনৰ এই খেল পথাৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংহতি ৰাখি বিনষ্ট কৰা হল ১৫ কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ নিষিদ্ধ ড্ৰাগছ।

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ থানাৰ আৰক্ষীয়ে জিলাখনত ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰা এই ১৫ কোটি টকা মূল্যৰ ড্ৰাগছত অগ্নি সংযোগ কৰি বিনষ্ট কৰা হয়। নগাঁও জিলা আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগৰ লোকৰ উপস্থিতিত নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে দহন কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ। জিলাখনত ড্ৰাগছ মুক্ত কৰি ৰখাই আৰক্ষীৰ অন্যতম প্ৰধান লক্ষ্য বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে।