জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এদল ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাত কৃষি মহাবিদ্যালয়খনৰ চৌহদ ৰঙীন হৈ পৰিছে নানা ৰঙী ফুলেৰে। ফুল বিক্ৰী কৰি পোৱা ধন মহাবিদ্যালয়খনৰ উন্নয়নৰ বাবে খৰচ কৰা হৈছে।

বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰসংশনীয় পদক্ষেপ। কৃষি মহাবিদ্যালয়খনৰ চৌহদত ছাত্ৰ-ছাত্ৰীয়ে গঢ়ি তুলিছে ৰং বিৰঙৰ বিভিন্ন প্ৰজাতীৰ ফুলৰ এখন বাগিচা।মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে গঢ় এই ফুলৰ সুবাস ল’বলৈ এতিয়া ৰাইজৰ লানি নিছিগা ভিৰ। এই বাগিচাখনৰ ফুল কেৱল কৃষি মহাবিদ্যালয়খনৰ চৌহদতে সীমাবদ্ধ হৈ থকা নাই।

এই বাগিচাৰ ফুলৰ সুবাস এতিয়া বিশ্বনাথ নগৰতো বৈ গৈছে। কৃষি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে কষ্টৰ মূল্য বুজি পাইছে বিশ্বনাথবাসী ৰাইজে। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে এই ফুল প্ৰতিদিনে নিজে গৈ বিক্ৰী কৰে বিশ্বনাথ নগৰত। বিশ্বনাথ নগৰবাসীয়েও এই ফুল ক্ৰয় কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

 

আনহাতে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই ফুল বিক্ৰী কৰি লাভ কৰা ধন মহাবিদ্যালয়খনৰ উন্নয়নৰ কামত খৰচ কৰা হব বুলি জানিবলৈ দিয়ে। নতুন বছৰত আপোনাৰ প্ৰিয়জনক যদি ফুল উপহাৰ দিব বিচাৰে তেনেহলে আহিব পাৰে বিশ্বনাথ কৃষি মহাবিদ্যায়লখনৰ বাগিচাত। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ এই পদক্ষেপ শলাগ লৈছে বিশ্বনাথবাসী ৰাইজে।