গুৱাহাটী : দুদিনীয়া কাৰ্যসূচীৰে ব্লু পেৰাডাইজত নৰ্থ ইষ্ট ইন্টাৰনেশ্বনল ফেশ্বন উইক। বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় দুদিনীয়া কাৰ্যসূচীৰে ব্লু পেৰাডাইজত নৰ্থ ইষ্ট ইন্টাৰনেশ্বনল ফেশ্বন উইকৰ। বৃহস্পতিবাৰে দ্বিতীয় তথা অন্তিম দিনা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফেশ্বন ডিজাইনা আৰু মডেল সকলৰ লগতে ফেশ্বন জগতখনৰ লগত জড়িত লোক সকলে অংশগ্ৰহণ কৰে।

বৃহস্পতিবাৰে বিয়লি ৩ বজাৰ পৰা নৰ্থ ইষ্ট ইন্টাৰনেশ্বনল ফেশ্বন উইকৰ ষষ্ঠ বাৰ্ষিক অনুষ্ঠানৰ দ্বিতীয় দিনৰ অনুষ্ঠান আৰম্ভ হয়।এই অনুষ্ঠানটো আয়োজন কৰিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে। প্ৰশান্ত ঘোষ এগৰাকী আগশাৰী ফেশ্বন ডিজাইনাৰৰ লগতে এগৰাকী ফেশ্বন কৰিঅ’গ্ৰাফাৰো। এই ফেশ্বন অনুষ্ঠানটোৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল ২০১৫ চনত।

ক’ভিড মহামাৰী যোৱা বছৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হোৱা নাছিল যদিও এইবাৰ সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনাৰ মাজত অনুষ্ঠিত কৰা হয় অনুষ্ঠানটো। এই ফেশ্বন শ্ব’টো ‘উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাৱান মডেল, ডিজাইনাৰ সকলে যাতে দেশী-বিদেশী গ্ৰাহক তথা ‘ফেশ্বন ইণ্ডাষ্ট্ৰী’ৰ আগত নিজৰ প্ৰতিভা ব্যক্ত কৰিব পৰা ইয়াৰে এক সুন্দৰ মাধ্যম।দেশী-বিদেশী ফেশ্বন ডিজাইনাৰ সকলৰ লগতে কেইবাগৰাকী নৱাগত ফেশ্বন ডিজাইনাৰ উপস্থিত থাকে।

নৰ্থ ইষ্ট ইন্টাৰনেশ্বনল ফেশ্বন উইকৰ ষষ্ঠ বাৰ্ষিক অনুষ্ঠানৰ দ্বিতীয় তথা অন্তিম দিনা উত্তৰ পূবৰ পৰম্পৰাগত সাজপাৰৰ লগতে বিভিন্ন আধুনিজ ডিজাইনৰ সাজপাৰ পৰিধান কৰি মডেল সকলে ৰেম্পত খোজ দিয়ে। এশ গৰাকীতকৈও অধিক পুৰুষ-মহিলা আৰু শিশু মডেল সকলে এই ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰে। উল্লেখ্য এইবাৰ নৰ্থ ইষ্ট ইন্টাৰনেশ্বনল ফেশ্বন উইকত তৃতীয় লিংগ মেডেল সকলো ৰেম্পত খোজ দিয়ে।