আমিনুৰ ইছলাম

শিৱসাগৰ : শিৱসাগৰত ভয়ংকৰ দুর্ঘটনা। শিৱসাগৰত ৰে’ল ষ্টেশ্যনৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ দুর্ঘটনা। শিৱসাগৰ ৰে’ল ষ্টেশ্যনৰ সমীপত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত এজন লোক।

শিৱসাগৰত এক ভয়ংকৰ দুর্ঘটনাত এজন লোক নিহত হয়। শিৱসাগৰ ৰেল ষ্টেশ্যনৰ সমীপত ২০৫০৩ নম্বৰ নামনিমোৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এজন লোক নিহত হয়। নিহত লোকজন অচিনাক্ত কৰিব পৰা হোৱা নাই।

১৬/১ আৰু ১৬/২ ৰে’লৱে ট্ৰেকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ৰে’লৰ খুন্দাত দেহৰ পৰা সম্পূৰ্ণৰূপে বিচিন্ন পৰে লোকজনৰ মূৰ। ঘটনা সন্দৰ্ভত শিৱসাগৰ ৰে’লৱে ষ্টেশ্যনৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰ পি এফে শিমলুগুৰিৰ উচ্চ পদস্থ বিষয়াক অৱগত কৰে।

শিৱসাগৰ সদৰ থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ চিকিৎসালয়লৈ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে দুর্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছতে নিহত লোকজনৰ পৰিচয় জানিব পৰা যাব।