ডিগবৈ, ১৬ জুন, ২০২৩ : এক শোকাবহ পথ দুর্ঘটনাত (Road Accident) প্ৰাণ হেৰুৱালে চাৰি গৰাকী লোকে। বিবাহ অনুষ্ঠান অংশগ্ৰহণ কৰি ঘৰলৈ ঘূৰি যাওঁতে প্ৰাণ হেৰুৱালে চাৰি গৰাকীয়ে। মহিলাসহ থিততে নিহত হয় তিনি গৰাকী লোক। চিকিৎসালয়ত মৃত্যু হয় এগৰাকী মহিলাৰ। একেটা পৰিয়ালৰ সদস্য আছিল সকলো।

বৃহস্পতিবাৰে নিশাৰ ভাগত ডিগবৈত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত তিনি গৰাকী লোক থিতাতে নিহত হোৱাৰ পৰিবৰ্তে এগৰাকী মহিলা চিকিৎসালয়ত মৃত্যুৰ মুখত পৰে। নম্বৰ প্লেট বিহীন এখন নতুন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মৰাত এগৰাকী মহিলাসহ তিনি গৰাকী লোক থিতাতে নিহত হয়।

এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হোৱা সকল হৈছে ক্ৰমে জগুনৰ অমৃত দত্ত, লিডু বজাৰৰ দিশা গুপে আৰু সুভাষ গুপে। আনহাতে চিকিৎসাত মৃত্যুৰ মুখত পৰে সাধনা গুপে নামৰ আন এগৰাকী মহিলা। এই ভয়ংকৰ পথ দুর্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ৰতন গুপে নামৰ আন এগৰাকী লোক।

আহত ৰতন গুপেৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। পথ দুর্ঘটনাত নিহত আৰু আহত হোৱা সকল একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ত এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি মাজ নিশা ঘৰলৈ ঘূৰি যোৱাৰ পথত এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজে নিহত আৰু আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুর্ঘটনাগ্ৰস্ত নতুন বাহনখনত চালকসহ পাঁচ গৰাকী লোক আছিল। ইয়াৰে দুগৰাকী মহিলা আৰু তিনি গৰাকী পুৰুষ। দুর্ঘটনাত দুয়ো গৰাকী মহিলা আৰু দুগৰাকী পুৰুষৰ মৃত্যু হৈছে। দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই পথ দুর্ঘটনাত চাৰি গৰাকীকৈ লোকৰ মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

ইফালে নিশা কলিয়াবৰৰ হাটবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ১৯ গৰাকী লোক। এখন বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত ট্ৰাকখনৰ চালক নিহত হোৱাৰ লগতে বাছখনৰ ১৯ গৰাকী যাত্ৰী কম বেছি পৰিমাণেআহত হয়। আহত সকলক জখলাবন্ধা হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হয়।