গুৱাহাটী, ১৫ জুন, ২০২৩ : নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) যদি পদত্যাগ নকৰে, তেনেহ’লে সন্মিলিত বিৰোধী শক্তিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীজনৰ অপসাৰণ বিচাৰিব৷ কুকি উগ্ৰপন্থীৰ পৰা নিৰ্বাচনী সহায় লোৱাৰ অভিযোগত অভিযুক্ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে ৰাজ্যৰজ ১২ টা ৰাজনৈতিক দলৰ সন্মিলিত শক্তিয়ে৷ বৃহস্পতিবাৰে (১৫ জুন) বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চই গুৱাহাটীত সমবেত হৈ কুকি উগ্ৰপন্থীৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ আওতাত গ্ৰেপ্তাৰ কৰিব লাগে বুলিও দাবী তোলে৷

বিৰোধী দলসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে দেশদ্ৰোহী কাৰ্যত লিপ্ত হোৱা অসমৰ মুখ্যমন্ত্ৰীজনৰ কাম-কাজৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত জনমত গঠনৰ উদ্দেশে বিৰোধী দলসমূহে দেশৰ বিজেপি বিৰোধী আগশাৰীৰ নেতাসকলকো সাক্ষাৎ কৰিব৷ উল্লেখ্য যে বৃহস্পতিবাৰে (১৫ জুন) মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবীৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ নিকটৱৰ্তী লক্ষীধৰ বৰা ক্ষেত্ৰত সমবেত হোৱা ১২ টাকৈ বিৰোধী ৰাজনৈতিক দল যথা অসম প্ৰদেশ কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, জাতীয় দল অসম, চিপিআই, চিপিএম, চিপিআই (এম এল), আৰ জে দি, জনতা দল (ইউ), আম আদমী পাৰ্টি, এন চি পি, তৃণমূল কংগ্ৰেছ সমন্বিতে এখন যৌথ প্ৰতিবাদী সভা অনুষ্ঠিত হৈ যায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীজনৰ এনে গণতন্ত্ৰবিৰোধী কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰে।

জাতীয় দল, অসমৰ সভাপতি অজিত ভূঞাই ৰাজ্যত এনে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰীজনে যি জনবিৰোধী, সংবিধান বিৰোধী কাম-কাজৰ পৰিসৰ বৃদ্ধি কৰিছে বা উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক স্থাপন কৰি অপ্ৰত্যাশিতভাৱে দলীয় স্বাৰ্থসিদ্ধিৰ বাতৰি পোহৰলৈ আহিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। দেশৰ সমগ্ৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বক নিজা ৰাজনৈতিক স্বাৰ্থৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে যিদৰে সংশয়ৰ দিশলৈ ঠেলি দিছে সেয়া গণতান্ত্ৰিক ব্যৱস্থা এটাৰ বাবে অত্যন্ত ভয়াৱহ বুলি মন্তব্য কৰে।
সভাৰ শেষত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আছ এছ এছ নেতা ৰাম মাধৱে ২০১৭ চনৰ মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ সময়ত কুকি উগ্ৰপন্থীৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচনী সমৰ্থনৰ চুক্তি কৰাৰ তথ্য ইতিমধ্যে ৰাজহুৱা হৈছে৷ সংবিধানৰ শপৎ লৈ মুখ্যমন্ত্ৰী হোৱা এগৰাকী জনপ্ৰতিনিধিৰ পক্ষে এয়া অক্ষমনীয় আইনী অপৰাধ৷ এনে তথ্য ৰাজহুৱা হোৱাৰ পিছত এক মিনিট সময়ৰ কাৰণেই মুখ্যমন্ত্ৰীগৰাকী পদত থকাটো উচিত নহয়৷

লুৰীণজ্যোতি গগৈয়ে কয়, “আমি ইতিমধ্যে এন আই এ তদন্ত দাবী কৰিছো৷ তদন্তত দোষী সাব্যস্ত হোৱাৰ আগলৈকে তেওঁ নৈতিকভাৱে অপৰাধী৷ তেওঁ আগৰে পৰা উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাটো সৰ্বজনবিদিত৷ আলফাৰ হৈ ধন দাবী কৰিবলৈ গৈ তেওঁ গ্ৰেপ্তাৰ হৈছিল৷ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই হিমন্ত বিশ্ব শৰ্মাক নিজৰ ঘনিষ্ঠ মানুহ বুলি টিভি চেনেলত দিয়া সাক্ষাতত মুকলিকৈ কৈ থৈছে৷ গতিকে কুকি উগ্ৰপন্থীৰ সৈতে বুজাবুজি কৰাৰ কথা ৰাজহুৱা হোৱাৰ পিছত এতিয়া প্ৰথমেই তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি লৈ পদত্যাগ কৰক৷ নহ’লে সন্মিলিত বিৰোধী শক্তিয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি তেওঁৰ অপসাৰণৰ দাবী জনাব৷ অসম আৰক্ষীৰো এই ক্ষেত্ৰত দায়িত্ব আছে৷ সন্ত্ৰাসবাদ নিৰ্মূলত গুৰুত্ব দি অহা আৰক্ষীয়ে উক্ৰপন্থীৰে গোপন সম্পৰ্ক ৰখা মানুহক তৎকালে গ্ৰেপ্তাৰ কৰাটো আৰক্ষীৰ দায়িত্ব৷”