ডিব্ৰুগড় : ভয়াবহ বান পৰিস্থিতিৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুর্ঘটনা। মহাবহু ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুর্ঘটনা। টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰা কৰি থাকোতে হঠাৎ নাওখন বুৰ যায় নদীত। দুর্ঘটনাগ্ৰস্ত নাওখনৰ ৪ জনকৈ যাত্ৰী সন্ধানহীন হৈ আছে।

অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি। ৰাজ্যৰ ৩০ খনলৈ জিলা বানৰ কবলত। বাঢ়নী পানীৰ মাজত ককবকাইছে ৩৭ লাখতকৈও অধিক। নেৰে নেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে মহাবহু ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ।

বানৰ পানীৰে প্লাৱিত হৈ থকা মহাবাহু ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হোৱা এক নাও দুর্ঘটনাত ৪ জনকৈ মহাবাহুৰ বুকুত সন্ধানহীন হৈ পৰে। ডিব্ৰুগড়ৰ চাবুৱা ৰহমৰীয়াত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এই নাও দুর্ঘটনা। টুলুঙা নাৱেৰে ৯ জনকৈ লোক আহি থকা অৱস্থাত হঠাৎ নাওখন লুইতৰ বুকুত ডুব যায়।

লুইতৰ বুকুত ডুব যোৱা নাওখনত থকা ৫ জনকৈ লোকে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে যদিও ৪ জন লোক নিখোজ হৈ পৰে লুইটত বুকুত। নিখোজ হোৱা লোক কেইজন হৈছে ক্ৰমে শংকৰ যাদৱ, চুংকু কৰ্মী, ধমেন দাস আৰু কিষণ যাদৱ। এছ ডি আৰ এফ বাহিনীয়ে লোক কেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।