আজিজ আলী
নলবাৰী : নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে চাৰি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত চাৰি গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলালৈ। দ্বিতীয়, ষষ্ঠ আৰু দশম স্থান দখল কৰিছে নলবাৰীৰ চাৰি ছাত্ৰ-ছাত্ৰীয়ে।

মঙলবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সাফল্য লাভ কৰিছে নলবাৰী জিলাৰ ছাত্ৰ-ছাত্রীয়ে। প্ৰতিটো বৰ্ষৰ দৰে এইবাৰো শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে চাৰিগৰাকী নলবৰীয়া কৃতি ছাত্ৰ-ছাত্ৰীয়ে।

নলবাৰী চহৰস্থিত লিটিল ফ্লাৱাৰ হাই স্কুলৰ পৰা দ্বিতীয় আৰু ষষ্ঠ স্থান দখল কৰে দুগৰাকীয়ে। দ্বিতীয় স্থান লাভ কৰে কৰে ভূয়াসী মেধি আৰু ষষ্ঠ স্থান লাভ কৰে মূৰ্চনা বৰ্মনে। আনহাতে শংকৰদেৱ বিদ্যা নিকেটন নলবাৰীৰ পৰা দশম স্থান ধৃতিস্মিতা ডেকা আৰু দ্বিব্যজ্যোতি লহকৰে লাভ কৰে।

ভূয়াসী মেধিয়ে ৫৯৬ নম্বৰৰে দ্বিতীয় স্থান, মূৰ্চুনা বৰ্মনে ৫৯২ নম্বৰৰে ষষ্ঠ স্থান আৰু দ্বীপজ্যোতি লহকৰ আৰু ধৃতিস্মিতা ডেকাই ৫৮৮ নম্বৰৰে দশম স্থান লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখ্য যে এইবাৰ প্ৰথম স্থান দখল কৰিছে লখিমপুৰ জিলাৰ ৰক্তোৎপল শইকীয়াই।