গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন বজাৰৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত এংকৰেজত অংশগ্ৰহণ কৰিছে ফ্ৰেঞ্চাইজি ইনচাইডাৰে।

উত্তৰ পূবৰ ভিতৰত গুৱাহাটীত ফ্ৰেঞ্চাইজি ইনচাইডাৰে প্ৰথমটো কাৰ্যলয় মুকুলি কৰিছে। ফ্ৰেঞ্চাইজি ইনচাইডাৰৰ কাৰ্যালয়টো উদ্বোধন কৰে প্ৰাগ নিউজৰ চি এম ডি সঞ্জীৱ নাৰাইণে। ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী সম্প্ৰসাৰনৰ ক্ষেত্ৰত সফল ফ্ৰেঞ্চাইজি মডিউল সৃষ্টি কৰিবলৈ ফ্ৰেঞ্চাইজি ইনচাইডাৰে ব্ৰেণ্ডবোৰক পৰামৰ্শ প্ৰদান কৰি আহিছে। এতিয়ালৈকে তেওঁলোকৰ পৰামৰ্শ অনুসৰি ২০০ তকৈ অধিক উদ্যোগী সৃষ্টি কৰিছে।

সফলভাৱে কোম্পানী পৰিচালনাৰ দিশত ফ্ৰেঞ্চাইজি ইনচাইডাৰৰ ১০ বছৰকৈ অধিক বছৰৰ অভিজ্ঞতা আছে। দিল্লী, তামিলনাডু, কৰ্ণাটক আৰু কানাডাত আন্তৰ্জাতিকভাৱে বিপনী খোলাত ব্ৰেণ্ডবোৰক সহায় কৰি আহিছে। ফ্ৰেঞ্চাইজি ইনচাইডাৰৰ প্ৰতিষ্ঠাপক ধীনাল বক্সিসহ প্ৰতিষ্ঠাপক সমীৰ দেশাইৰ আছে এই ক্ষেত্ৰত এক বিশাল বিত্তীয় অভিজ্ঞতা।তেওঁলোকে সকলো শ্ৰেণীৰ ব্ৰেণ্ডৰ ফ্ৰেঞ্চাইজি মডিউল বিকশিত কৰাত সহায় কৰে।

খাদ্য, খুচুৰা, শিক্ষা, সেৱা উদ্যোগ আৰু অন্যান্যৰ লগতে কেইবাটাও ক্ষেত্ৰত ফ্ৰেঞ্চাইজি ইনচাইডাৰৰ আছে দখল। উত্তৰ-পূবৰ বজাৰত ফ্ৰেঞ্চাইজি ব্যৱসায় বিশাল সম্ভাৱনা আছে। একেদৰে উত্তৰ পূবৰ যুৱক সকল কঠোৰ পৰিশ্ৰমী আৰু তেওঁলোকে উদ্যোগীকৰণৰ সুযোগ বিচাৰি আছে। উত্তৰ-পূবৰ বজাৰৰ বিশাল অভিজ্ঞতা থকা সুকান্ত বিশ্বাসৰ নেতৃত্বত উত্তৰ পূবত ব্ৰেণ্ডবোৰ সম্প্ৰসাৰিত কৰাৰ বাবে যথেষ্ট পৰিকল্পনা গ্ৰহণ কৰিছে।

উত্তৰ-পূবৰ ব্ৰেণ্ডসমূহক সমগ্ৰ ভাৰতত সম্প্ৰসাৰিত কৰাত সহায় কৰাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰীত্ব উত্তৰ-পূব আৰু ভাৰতৰ অন্যান্য অংশৰ মাজত এক দলং হিচাপে চিহ্নিত হ’ব বুলি প্রতিষ্ঠানটোৰ লগত জড়িত বিষয়া সকলে কয়। এই সমন্বয়ে অঞ্চলটোত যথেষ্ট সুযোগ আৰু নিযুক্তি সৃষ্টি কৰাত সহায় কৰিব বুলিও উল্লেখ্য কৰে।