খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকনোলোজী (USTM) মেঘালয়ত সফল সামৰণি পৰে। ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ ৰাজ্যপাল গোলাব চান্ড কাটাৰিয়া।

নতুন দিল্লীৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটি চমুকৈ এআইইউৰ উদ্যোগত আৰু ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ সহযোগত ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ ইউ এছ টি এম চৌহদত এই সন্মিলন অনুষ্ঠিত হয়। অসমৰ ৰাজ্যপাল তথা উচ্চ শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক আদৰণি জনাই এ আই ইউৰ উপাধ্যক্ষ তথা ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই কয় যে ইউ এছ টি এমৰ প্ৰতিষ্ঠাপক আচাৰ্য মহবুবুল হকৰ নেতৃত্বত এক বিশ্বমানৰ মিছন আছে। বিশ্ববিদ্যালয়খনে দেশৰ সবলীকৰণৰ বাবে ভাল মানৱ সম্পদ সৃষ্টিৰ বাবে অন্যান্য প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক কামত গুৰুত্ব আৰোপ কৰে।

এআইইউৰ সচিব প্ৰধান ডo পংকজ মিট্টালে আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে সন্মিলনত অংশগ্ৰহণ কৰি ইয়াক সফল কৰি তোলাৰ বাবে সকলো বিশিষ্ট ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে।
সামৰণি অনুষ্ঠানত সভাপতিৰ ভাষণ প্ৰদান কৰে কলকাতাৰ যাদবপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু এ আই ইউৰ অধ্যক্ষ অধ্যাপক সুৰঞ্জন দাসে। সামৰণি অনুষ্ঠানত শিক্ষা সংস্কৃতি উত্থান ন্যাসৰ ৰাষ্ট্ৰীয় সম্পাদক অতুল কোঠাৰী আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডo ননী গোপাল মহন্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। মেঘালয়ৰ শিক্ষামন্ত্ৰী ৰাক্কম এ চাংমাই বিশেষ অতিথি হিচাপে উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। উপাচাৰ্য সন্মিলনৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে শিক্ষা আৰু কৰ্মক্ষেত্ৰৰ ভৱিষ্যত শীৰ্ষক এক কাৰিকৰী অধিবেশন অনুষ্ঠিত হয়।

অধিৱেশনৰ উপ-আলোচনা সমূহ আছিল ‘প্ৰযুক্তিভিত্তিক ব্যক্তিগতকৰণ শিক্ষণ-শিক্ষাৰ মডেল’, ‘শিক্ষকসকলৰ সহায়কৰ ভূমিকা সলনি কৰা’ আৰু ‘ভৱিষ্যতৰ চাকৰিৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰা’। এই সন্মিলনৰ অন্তিম কাৰিকৰী অধিবেশনত সভাপতিত্ব কৰে এআইইউৰ প্ৰাক্তন সভাপতি তথা গুৰুগ্ৰামৰ আইআইএলএম বিশ্ববিদ্যালয়ৰ আচাৰ্য্য অধ্যাপক ৰণবীৰ সিঙে। ইউজিচিৰ প্ৰাক্তন উপাধ্যক্ষ তথা নেকৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক ভূষণ পটবৰ্ধন,  ইগনো (অনলাইন)ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক এম এম পান্ত অনুষ্ঠানত উপস্থিত আছিল।

এই অধিৱেশনত বক্তা হিচাপে উপস্থিত থাকে এন আই ই পি এৰ প্ৰাক্তন সঞ্চালক অধ্যাপক মৰমৰ মুখোপাধ্যায় আৰু গুৱাহাটী আই আই টিৰ সঞ্চালক অধ্যাপক পৰমেশ্বৰ কে আয়াৰ। এই অধিৱেশনৰ পাছতে এ আই ইউৰ সাধাৰণ আৰু ব্যৱসায়িক অধিৱেশন অনুষ্ঠিত হয়। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত দেশ-বিদেশৰ আই আই টি, আই আই এছ চি, এন আই টি আৰু অন্যান্য উচ্চ শিক্ষানুষ্ঠানৰ পাঁচ শতাধিক উপাচাৰ্য আৰু সঞ্চালকে অংশগ্ৰহণ কৰে। এ আই ইউৰ বিশ্ববিদ্যালয় সংবাদৰ সম্পাদিকা ডo এছ ৰমা দেৱী পানীৰ ধন্যবাদসূচক ভাষণৰ পাছতে ৰাষ্ট্ৰীয় সংগীতেৰে অধিৱেশনৰ সামৰণি পৰে।