গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানাৰ (Assam State Zoo) সন্মুখত বিভিন্ন দল-সংগঠৰ প্ৰতিবাদ। চিৰিয়াখানা সুৰক্ষা মঞ্চৰ লগতে বিৰোধী ৰাজনৈতিক দল অসম জাতীয় পৰিষদ, আম আদমি পাৰ্টি, অসম তৃণমূল কংগ্ৰেছৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিৰা বৰঠাকুৰে। প্ৰতিবাদকাৰী সকলক আটক কৰে আৰক্ষীয়ে।

বিগত তিনিদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত অব্যাহত আছে প্ৰতিবাদ। অসম ৰাজ্যিক চিৰিয়াখানাৰ বন্যপ্ৰাণীক গুজৰাটৰ এটা ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰা কাৰ্যৰ বিৰোধিতা কৰি এই প্ৰতিবাদ অব্যাহত আছে। চিৰিয়াখানা সুৰক্ষা মঞ্চই যোৱা দুদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানাৰ বন্যপ্ৰাণী ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ পিছত শনিবাৰে বিভিন্ন দল-সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে।

শনিবাৰে চিৰিয়াখানাৰ পৰা বন্যপ্ৰাণী কঢ়িয়াই নিয়া বাহন ওলাই যোৱাত বাধা প্ৰদান কৰি প্ৰতিবাদী কাৰ্যসূচী চলাই থকা চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কৰ্মকর্তা সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰি আটক কৰে। ইয়াৰ পিছতে এটাৰ পিছত আনটো দল-সংগঠন সদস্য চিৰিয়াখানাৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। অসম তৃণমূল কংগ্ৰেছ, অসম জাতীয় পৰিষদ, আম আদমি পাৰ্টিৰ সদস্য সকলৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিৰা বৰঠাকুৰে।

আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক প্ৰতিবাদ সাব্যস্ত কৰাত বাধা প্ৰদান কৰি আটক কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিনে দল-সংগঠন সমূহৰ নেতা সকলে। বিগত সময়ছোৱাত ৰাজ্যত বন্যপ্ৰাণী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য বন্যপ্ৰাণী সমূহ ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। উল্লেখ্য যে যোৱা বছৰ জানুৱাৰী মাহত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটা ঘোং ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছিল।