গুৱাহাটী : বোন্দাজানৰ পৰা উদ্ধাৰ হ’ল বন্দনা কলিতাই (Bandana Kalita) হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা। বৃহস্পতিবাৰে আৰক্ষীয়ে বন্দনা কলিতাক লগতলৈ নৃশংস হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দাখন উদ্ধাৰৰ বাবে বোন্দাজানত অভিযান চলায়। বোন্দাজানৰ পৰা দাখন উদ্ধাৰ হোৱাৰ পিছত বন্দনা কলিতাই দাখন চিনাক্ত কৰে।

এতিয়াও বহু ৰহস্য লুকুৱাই আছে গুৱাহাটীৰ নৃশংস হত্যাকাণ্ডৰ। আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও এতিয়া পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ। বন্দনা কলিতাই অবৈধ প্ৰেম আৰু সম্পত্তিৰ লোভত স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও হত্যাকাণ্ডৰ আচল কাৰণ বন্দনা কলিতাৰ বুকুত লুকুৱাই আছে। আৰক্ষীয়ে অৱশ্যে বৃহস্পতিবাৰে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে পুৱাৰ ভাগতে স্বামী অমৰজ্যোতি দে আৰু শাহুৱেক শংকৰী দে’ক নৃশংসভাৱে হত্যাৰ অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগীক নুনমাটি থানাত জেৰা চলোৱা হয়। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জেৰা বন্দনা কলিতা আৰু দুই সহযোগীক জেৰা চলোৱাৰ পিছত আৰক্ষীয়ে বন্দনা কলিতাক বোন্দাজানলৈ নিয়ে। বোন্দাজানৰ পৰা এখন দা উদ্ধাৰ হোৱাত বন্দনা কলিতাই স্বীকাৰ কৰে যে এইখনে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা।

উদ্ধাৰ হোৱা দাখনেৰে বন্দনা কলিতাই স্বামী আৰু শাহুৱেকক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি কাটিছিল। বন্দনা কলিতাই দাখন ব্যৱহাৰ কৰাৰ পিছত বোন্দাজানত পেলাই দিছিল। দাখন বন্দনা কলিতাই পাথৰকোৱেৰীৰ এখন কমাৰৰ দোকানৰ পৰা ক্ৰয় কৰিছিল। ইমৰাণ আনচাৰী নামৰ এজন লোকৰৰ পৰা ৩৫০ টকাত বন্দনা কলিতাই দাখন কিনিছিল।

আৰক্ষীয়ে দাখন উদ্ধাৰৰ পিছতে দাখন বন্দনা কলিতাক দাখন বিক্ৰী কৰা ইমৰাণ আনচাৰী আটক কৰে। উল্লেখ্য যে বন্দনা কলিতাই প্ৰায় ৭ মাহ পূৰ্বে দুজন যুৱকৰ সহযোগত স্বামী অমৰজ্যোতি দে আৰু শাহুৱেক শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি কাটি মেঘালয়ত পেলাই আহিছিল। হত্যাকাণ্ড সংঘটিত কৰাৰ ৭ মাহ পিছতে আৰক্ষীয়ে তদন্ত চলাই বন্দনা কলিতাক দুই সহযোগীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।