নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ নৱেম্বৰ : মঙলদৈৰ থেকেৰাবাৰীত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মুনীন্দ্ৰ ডেকা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত জাহ যায় বহু মূল্যবান সামগ্ৰীৰ লগতে দুটাকৈ বাসগৃহ ।

ফটকা ফুটুৱাৰ বাবেই অগ্নিকাণ্ডৰ দৰে ঘটনা ঘটিল বুলি জানিব পৰা গৈছে । পাছত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয়।

ইফালে একে নিশাই নগাঁও জিলাৰ চামগুৰিত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ । চামগুৰিৰ মোৱামাৰী দৈনিক বজাৰত হোৱা এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০ টা ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায় ।

এখন ঔষধৰ দোকানত প্ৰথমতে জুই লগাৰ পাছতে ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈ পৰে ওচৰত থকা বাকী দোকানসমূহতো।

উল্লেখযোগ্য যে উক্ত ঘটনা হোৱা ঠাইৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত আছিল অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্য্যালয়। তথাপিও সময়ত উপস্থিত হোৱা নাছিল অগ্নিনিৰ্বাপক বাহিনী।