গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২ নৱেম্বৰ : ৰাজ্যৰ শিক্ষাখণ্ডৰ ব্যাপক খেলি-মেলি বিশেষকৈ টেটক লৈ হোৱা খেলি-মেলিৰ পাছতেই বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ এইবাৰ চকু পৰিল মধ্যাহ্ন ভোজনৰ আঁচনিৰ ওপৰত।

অসমৰ বিভিন্ন বিদ্যালয়ত ১ নৱেম্বৰৰ পৰা মধ্যাহ্ন ভোজন বিলোৱাৰ দায়িত্ব লৈছিল বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে। এই সংগঠনসমূহৰ দায়িত্বত অহাৰ পাছৰ পৰাই খাদ্য বিলোৱাত সৃষ্টি এক অবৰ্ণনীয় পৰিস্থিতিৰ। অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ খাদ্য বিলোৱা দেখিবলৈ পোৱা গৈছে এই এন জি অ’ সমূহৰ দ্বাৰা। ইতিমধ্যে বিভিন্ন ঠাইৰ এনেধৰণৰ ভিডিও ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

যিসময়ত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰীয়ে অতি নিয়াৰিকৈ চলাই আছিল সেই সময়তে সমগ্ৰ আঁচনিখনকেই বেচৰকাৰীকৰণ অৰ্থাৎ অসমৰ প্ৰাথমিক শিক্ষা আয়ুক্ত স্বাক্ষৰিত নিৰ্দেশিকা মৰ্মে অন্য ১৫ টা অনাচৰকাৰী সংস্থালৈ হস্তান্তৰ কৰাত ক্ষোভিত হৈ পৰিছে জনসাধাৰণ। ইয়াৰোপৰি অনাচৰকাৰী সংস্থাৰ হাতলৈ উক্ত আঁচনি খন যোৱাৰ দিনাৰ পৰাই হোৱা এনেধৰণৰ অস্বাস্থ্যকৰ খাদ্য পৰিৱেশনৰ বাতৰিয়ে সকলোৰে চকু কপালত উঠিছে।

এনে বহু ছাত্ৰ-ছাত্ৰী আছে যিসকলে পেট পূৰাই এসাঁজ ভাত ভালদৰে খাব নাপায় । এনে ছাত্ৰ-ছাত্ৰীৰ লগত এইয়া কৰা উচিত হৈছে নে ?

আনহাতে এন জি অ’ৰ হাতলৈ উক্ত আঁচনিখন হস্তান্তৰ নকৰা হলেও নিশ্চয় হ’লহেঁতেন। এন জি অ’ই লাভ কৰা সেই পইছাকেইটা ৰন্ধন কৰ্মচাৰীসকলে লাভ কৰি থকা হ’লেও হ’লহেঁতেন। বছৰটোৰ মাত্ৰ দহমাহৰ বাবে ১০০০ টকাকৈ লাভ কৰা অৰ্থাৎ প্ৰতি দিনে ৩৩ টকাকৈ ইমান বছৰে নিজৰ কাম কৰি অহা কৰ্মচাৰীক কোনোধৰণৰ গুৰুত্ব নিদিলে চৰকাৰে।

সোণোৱাল চৰকাৰৰ ল’ৰা-ধেমালি কেৱল ছাত্ৰ-ছাত্ৰীৰ লগতেই কিয়? শিক্ষা বিভাগটোতেই ইমান খেলি-মেলি কিয় হয় ? এই খাদ্য এন জি অ’সমূহে খুৱাব পাৰিব নে মন্ত্ৰী,বিধায়কসকলক ? নাইবা কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগত একেলগে বহি এই খাদ্য খাব পাৰিব নে বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ?

ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ মন্তব্য কৰে যে এইয়া এক অপপ্ৰচাৰ । ৰান্ধনীসকলেও এতিয়া ভাল পাব লাগে তেওঁলোকৰ দায়িত্ব কমিছে। তেওঁলোকে কেৱল খাদ্য বিলোৱাত সহায় কৰিলেই হ’ল ।