গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা ব্যৱস্থা উভতাই লোৱাৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নতুন দিল্লী, ৮ নৱেম্বৰ: বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা ব্যৱস্থা উভতাই লোৱাৰ সিদ্ধান্ত লৈছে। গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ এছপিজি নিৰাপত্তা উভতাই লোৱা হ’ব। সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সকলো নিৰাপত্তা এজেন্সীৰ পৰামৰ্শমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্মৰ্তৱ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ১৯৮৫ চনত স্থাপন কৰা হৈছিল এছপিজিৰ। ১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত এছপিজি এক্টৰ সংশোধন কৰা হয় আৰু তেওঁৰ পৰিয়ালক আগন্তুক ১০ বছৰৰ বাবে এছপিজি নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা5 হয়। কিন্তু ২০০৩ চনত কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাত এছপিজি এক্টৰ পুনৰ সংশোধন কৰি ইয়াৰ ম্যাদ ১০ বছৰৰ পৰিৱৰ্তে ১ বছৰলৈ হ্ৰাস কৰা হয় আৰু তাৰ লগতে প্ৰয়োজনত যাতে নিৰাপত্তাৰ সীমা বৃদ্ধি বা হ্ৰাস কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা হয়।

উল্লেখযোগ্য যে শেহতীয়াভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰো এছপিজি চিকিউৰিটি উভতাই লৈছিল কেন্দ্ৰীয় চৰকাৰে। যাৰ পৰিপ্ৰেক্ষিতত যদি গান্ধী পৰিয়ালৰো এছপিজি নিৰাপত্তা ব্যৱস্থা উভতাই লোৱা হয়, তেন্তে সমগ্ৰ দেশতে এছপিজি নিৰাপত্তা লাভ কৰা একমাত্ৰ ব্যক্তিগৰাকী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

এতিয়া এছপিজিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছকৰ্মীসকলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত এছপিজি উঠাই নোলোৱাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।

Comments

comments

You may also read!

কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিংৰ আয়োজন

কোকৰাঝাৰ, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : সোমবাৰৰ পৰা বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ বাওখু্গ্ৰীৰ দাংদুফুৰত পৃথিৱীৰ ১০ খন

Read More...

ব্ৰিক্স শিখৰ সন্মিলনত ভাগ ল’বৰ বাবে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ব্ৰাজিললৈ ৰাওনা মোডীৰ

নতুন দিল্লী, ১২ নৱেম্বৰ: ব্ৰাজিলৰ ৰাজধানী ব্ৰিক্সত অহা ১৩-১৪ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া ১১ সংখ্যক ব্ৰিক্স শিখৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ

Read More...

লাডেনৰ পৰা কৃষ্ণ

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : লাডেনৰ পৰা কৃষ্ণ হ'ল গোৱালপাৰাত যোৱা ৫ বছৰে সন্ত্ৰাস চলাই

Read More...

Mobile Sliding Menu