মিৰ্জাৰ এগৰাকী অসহায় যুৱতী : ৰাইজৰ অলপ সহায়ত সুস্থ হৈ উঠিব যুৱতীগৰাকী

In ৰাজ্য

মিৰ্জা, সংবাদ ৩৬৫, ৮ নৱেম্বৰ : দক্ষিণ কামৰূপ মিৰ্জা জামৰতলৰ অসহায় এগৰাকী যুৱতী। নাম সীমা কলিতা। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীৰ দুয়োটা বৃক্কয়ে বিকল। পিতৃহাৰা যুৱতী গৰাকীৰ পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা।

সীমাৰ মাতৃয়ে কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰিছিল । তাৰপিছতে ঘৰখনৰ ডাঙৰ জীয়ৰী সীমাই এটা কোম্পানীৰ কামত যোগদান কৰিছিল যদিও দুয়োটা কিডনী বিকল হৈ পৰাত অসুস্থ হৈ পৰে যুৱতীগৰাকী।

সম্প্ৰতি চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিছে যুৱতীগৰাকীয়ে। যুৱতী গৰাকীয়ে কান্দি কান্দি কৈছে , “মোক জীয়াই থাকিবলৈ দিয়ক, অলপ সহায় কৰক”।

ৰাইজৰ অলপ সহায়ত হয়তো সুস্থ হৈ উঠিব সীমা কলিতা।ইচ্ছুকসকলে সীমাৰ বেংক একাউণ্টত সহায় আগবঢ়াব পাৰে।

একাউণ্ট নম্বৰ : ২১৮৯৯৭৭৫২১
আই এফ এছ চি ক’ড : চি বি আই এন ০২৮৩২০৭
ব্ৰান্স : মিৰ্জা
মোবাইল নম্বৰ : ৯১২৭১৯৭০৭৩
একাউণ্ট হ’ল্ডাৰ : মিৰা কলিতা।

Comments

comments

You may also read!

মাজবাটত দুগৰাকী কভিড -১৯ পজিটিভ

মাজবাট, সংবাদ ৩৬৫, ১ জুন : ওদালগুৰি জিলাৰ মাজবাটত দুগৰাকী বহিঃৰাজ্যৰ পৰা অহা যুৱকৰ দেহত ধৰা পৰিছে কভিড-১৯ কৰ'ণা

Read More...

সংবাদ ৩৬৫ বাতৰিৰ প্ৰভাৱ : ৰুবী সোণোৱালৰ সহায়ৰ বাবে ওলাই আহিল কেইবাজনো ব্যক্তি

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১ জুন : যোৱা ২৯ মে' তাৰিখে সংবাদ ৩৬৫ ৱেব প'ৰ্টেলত প্ৰকাশিত "ৰুবী

Read More...

খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ দক্ষিণ শালমাৰা-মানকাচৰ কংগ্ৰেছ কৰ্মীৰ

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১ জুন : লক ডাউনৰ ফলত খাদ্য সংকটত ভোগা দৰিদ্ৰ পৰিয়ালৰ লোক সকলক সাহায্য প্ৰদান কৰিবলৈ

Read More...

Mobile Sliding Menu