গুৱাহাটী, সংবাদ ৩৬৫, ২ অক্টোবৰ : গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। ২ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল । সেয়ে সমগ্ৰ ভাৰততে ২ অক্টোবৰৰ দিনটো জাতিৰ পিতাক সুঁৱৰি গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰি ভাৰতক পৰাধীনতাৰ পৰা মুক্ত কৰাত প্ৰধান ভূমিকা পালন কৰা গান্ধীজীৰ আজি ১৫০ সংখ্যক জন্মদিৱসত ৰাষ্ট্ৰবাসীয়ে জাতিৰ পিতাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

সেই অনুসৰি মহানগৰীস্থিত গান্ধী মণ্ডপতো জাতিৰ পিতাক তেখেতৰ ওপজা দিনটোত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। এই অনুষ্ঠানটিত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু।

বাপুজিক সুঁৱৰি এই পৱিত্ৰ দিনটোতে গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰে গান্ধী উদ্যান।

গান্ধী উদ্যান উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে তেখেতৰ ভাষণত কয় “বাপুজিয়ে ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ সপোন দেখিছিল। পৰিষ্কাৰ আৰু আদৰ্শৰ ৰাষ্ট্ৰৰ সপোন দিছিল সেয়ে বাপুজিৰ সপোনক দিঠকত পৰিণত কৰিবৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযানৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী হাতত লৈছে। এই কার্যসূচীৰ অংশীদাৰ হবলৈ পাই আমিও সৌভাগ্যবান।”