নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ অক্টোবৰ : পিয়াঁজৰ পাছতেই এইবাৰ পঢ়িলা অক্টোবৰতে বাঢ়িল ৰন্ধন গেছৰ মূল্য। বিগত মাহত ৰাজসাহাৰ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৫.৫০টকা বৃদ্ধি কৰিছিল। ইয়াৰ পিছত এইমাহত ৰন্ধন গেছৰ মূল্য আকৌ এবাৰ বাঢ়িল।

মঙলবাৰে ৰেট সলনি হোৱাৰ পিছত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ (১৪.২ কেজি)ৰ বজাৰ মূল্য ১৫টকা বাঢ়িল।ৰাজধানী দিল্লীত ১৪.২কেজি মূল্যৰ বিনা চাবচিডিৰ গেছ চিলিণ্ডাৰৰ মূল্য ৬০৫টকা, আনহাতে ১৯কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ ৰিফিল কৰিবলৈ এতিয়া প্ৰয়োজন হ’ব ১০৮৫টকা।

মুম্বাইত ১৪.২কেজিৰ বিনা চাবচিডিৰ গেছ চিলিণ্ডাৰৰ মূল্য ৫৭৪টকা, কলকাতাত ৬৩০টকা, আনহাতে চেন্নাইত ৰিফিল কৰিবলৈ ৬২০টকা লাগিব।

গুৱাহাটীত মঙলবাৰে ১৪.২কেজিৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হয় ৬৩৪.৫০টকা।

উল্লেখযোগ্য যে চৰকাৰে এইবাৰেই ২.৫বছৰৰ মুৰত প্ৰথমবাৰলৈ কৰ্তন কৰিছে ঘৰুৱা প্ৰাকৃতিক গেছৰ দাম।