গুৱাহাটী, ১৯ জুলাই, ২০২৬ : বিশিষ্ট শিক্ষাবিদ, উদ্ভাৱক তথা পৰিৱেশবিদ সোণাম ৱাংছুকৰ অনশন কাৰ্যসূচীৰ সমৰ্থনত গুৱাহাটীৰ এখন উৰণীয়া সেতুত প্ৰতিচ্ছবি অংকন কৰাৰ অপৰাধত ডিব্ৰুগড়ৰ যুৱক নকুল মিলি আৰু গুৱাহাটীৰ গৌৰৱ সিংহক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে (Gaurav Gogoi)। ​উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলাৰ অভিযোগত নৰেন্দ্ৰ মোডী চৰকাৰৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সোণাম ৱাংছুকে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল।

এই সন্দৰ্ভত এক বিবৃতিযোগে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে কয়, “মত প্ৰকাশ, শিল্প সাধনা আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ গণতন্ত্ৰৰ অন্যতম মৌলিক ভিত্তি। কিন্তু বিজেপি চৰকাৰৰ শাসন কালত এনে অধিকাৰসমূহ ক্ৰমাগতভাৱে সংকুচিত হৈ অহা সঘনাই পৰিলক্ষিত হৈছে।” তেওঁ চৰকাৰী স্থিতিৰ বিৰোধিতা কৰি কয় যে যেতিয়া কোনো ব্যক্তি বা সংগঠনে চৰকাৰী নীতিৰ সমালোচনা কৰি প্ৰতীকী ৰূপত নিজৰ মত প্ৰকাশ কৰিবলৈ যত্ন কৰে, তেতিয়া প্ৰশাসন ব্যৱস্থাক ব্যৱহাৰ কৰি তেওঁলোকক দমন কৰাৰ প্ৰৱণতা কোনো কাৰণতে গণতান্ত্ৰিক মানসিকতাৰ পৰিচয় হ’ব নোৱাৰে।

গৌৰৱ গগৈয়ে চৰকাৰৰ এই পদক্ষেপক তীব্ৰ গৰিহণা দি কয় যে মতভেদৰ প্ৰত্যুত্তৰ এনেদৰে দমনমূলক নীতিৰে দিয়া কাৰ্যই স্বৈৰাচাৰী শাসনৰ এক স্পষ্ট উদাহৰণ দাঙি ধৰিছে। বিবৃতিটোত তেওঁ বিজেপি চৰকাৰক এই দমনমূলক মানসিকতা শীঘ্ৰে পৰিত্যাগ কৰিবলৈ দাবী জনায়। ইয়াৰ লগতে আটকাধীন দুই যুৱক নকুল মিলি আৰু গৌৰৱ সিংহৰ বিৰুদ্ধে গ্ৰহণ কৰা আইনী ব্যৱস্থা পুনৰ বিবেচনা কৰি দেশৰ গণতান্ত্ৰিক অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ চৰকাৰক আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।