গুৱাহাটী, ১৮ জুলাই, ২০২৬ : অসমৰ ভাৰ্গৱ শইকীয়াই ইতিহাস গঢ়ি কোৱালিফায়াৰ খেলুৱৈৰূপে ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছৰ (Tennis) খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷। গুৱাহাটীৰ চচলত অনুষ্ঠিত অইল আইটা জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ভাৰ্গৱে ল’ৰাৰ ১২ বছৰ অনূধ্বৰ্ৰ শাখাত দ্বিমুকুটসহ চেম্পিয়ন হয়৷। এককৰ ফাইনেলত তেওঁ ৭-৬(৩), ৬-৪ ৰ ব্যৱধানত অসমৰে আৰিয়ান ভৰালীক পৰাস্ত কৰে৷

আনহাতে, ডাবলচত ভাৰ্গৱে সতীৰ্থ ধনুশ মহন্তৰ লগত যুটি বান্ধি ৰাজ্যৰে আশ্ৰাফুল খাদিম আৰু তানিশ দেৱনাথক মাৰাথন তিনিটা ছেটৰ অন্তত ৬-৩, ৬-৭(৪), (১১-৯) ৰ ব্যৱধানত পৰাস্ত কৰে৷ ইফালে, সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ খিতাপো অসমৰ খেলুৱৈয়ে অৰ্জন কৰে৷ আয়োজক ৰাজ্যৰ খেলুৱৈ আয়ান ৰহমানে ফাইনেলত প্ৰথমটো ছেটত পৰাস্ত হোৱাৰ পাছতো ০-৬, ৬-৩, ৬-১ ৰ ব্যৱধানত মহাৰাষ্ট্ৰৰ প্ৰতিদ্বন্দ্বী আহান ভট্টাচাৰ্যক পৰাস্ত কৰে৷

ইফালে, বংগৰ ইভানা আৰোৰাই ছোৱালীৰ ১২ অনূধ্বৰ্ৰ একক আৰু¸ ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলচৰ খিতাপ জয়ৰে দ্বিমুকুট অৰ্জন কৰিবলৈ সক্ষম হয়৷ একক শাখাত তেওঁ অসমৰ ধনিষ্কা মহন্তক ৬-১, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ডাবলচত অসমৰ ফাগুন জ্যোতিৰ লগত যুটি বান্ধি খিতাপ জয় কৰে৷ ১৪ অনূধ্বৰ্ৰ এককৰ ফাইনেলত কিন্তু বংগ কন্যা পঞ্জাৱৰ আছিছ ব্ৰাৰৰ বিৰুদ্ধে পৰাস্ত হয়৷

ইফালে, অসমৰ ঈশানদীপ বড়ো আৰু অনিৰ্বান ডেকাই ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলচ শাখাৰ ফাইনেলত ৰাজ্যৰে আয়ান ৰহমান আৰু আৰিয়ান ভড়ালীক ৬-৪, ৬-২ ৰ ব্যৱধাৱত পৰাস্ত কৰি খিতাপ জয় কৰে৷ সামৰণি অনুষ্ঠানত অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্ত আৰু কোষাধ্যক্ষ স্বপনীল বৰঠাকুৰে ট্ৰফীসমুহ প্ৰদান কৰে৷ ২০০৮ চনৰ পৰাই ধাৰাবাহিকভাবে অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত এই প্ৰতিযোগিতা আয়োজন হৈ অহাৰ বাবে অসম টেনিছ সন্থাই ধন্যবাদ জনায়৷