গুৱাহাটী : ড্রাগছ, ধঁপাত আৰু সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে আজীৱন যুঁজাৰু যুৱ উদ্যোগী তথা সমাজকর্মী ড° ঘনশ্যাম দাস ধানুকাই গুৱাহাটীৰ প্রাগজ্যোতি আইটিএ মাছখোৱা প্ৰেক্ষাগৃহত এনজিঅ’ ব্যাতিক্ৰম মাছডোৰ দ্বাৰা আয়োজিত ড্ৰাগছ, ধঁপাত আৰু সুৰা সজাগতা এক কাৰ্যসূচীত বক্তৃতা প্রদান কৰে। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ অধ্যক্ষতাত অনুষ্ঠিত অনুষ্ঠানটোত ড° ঘনশ্যাম দাস ধানুকা বিশেষ অতিথি হিচাপে উপস্থিত থাকে।

অনুষ্ঠানত ড° ঘনশ্যাম দাস ধানুকাই কয় “আজি মই দেখি আনন্দিত যে ব্যাতিক্রম মাছডোৱে যুৱক-যুৱতী সকলক নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে শিক্ষিত কৰাৰ বাবে এই ৬০ দিনীয়া সজাগতা অভিযানৰ আয়োজন কৰি এক মহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এই আসক্তিবোৰে পৰিয়াল, বন্ধু বৰ্গ আৰু সমাজকে ধৰি এজন ব্যক্তিৰ জীৱন ধ্বংস কৰে”।

এই পৃথিৱীৰ বহুতো বস্তুৰ তেওঁলোকৰ উপযোগিতা আছে কিন্তু যেতিয়া ইয়াৰ অপব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ পৰিণাম ভয়াবহ হয়। একেদৰে আমি আমাৰ কাৰখানাত হেণ্ড চেনিটাইজাৰ নিৰ্মাণত ব্যৱহাৰ কৰা সুৰা, ক’ভিড আক্ৰমণৰ সময়ত এক ত্রাণকর্তা কিন্তু যদি সেৱন কৰা হয় তেন্তে ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষতি হ’ব বুলিও কয়।

তেওঁ লগতে কয়, যদি আমি সকলোৱে একত্রিত হৈ এই মহৎ উদ্দেশ্যৰ দিশত এক পদক্ষেপ লওঁ, তেন্তে আমি অসমক ড্ৰাগছ, ধঁপাত আৰু সুৰামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰো, যাৰ দ্বাৰা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীজী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ আৰু মূল্যবোধক সমৰ্থন কৰিব পাৰিম।
তেওঁ আৰু কয় যে এইটো ড° সৌমেন ভাৰতীয় আৰু তেওঁৰ ব্যাতিক্ৰম মাছডোৰ দলটোৰ দ্বাৰা এক মহান পদক্ষেপ।

যিহেতু যিকোনো দেশৰ বিকাশত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়েহে এখন স্বাস্থ্যৱান দেশ গঢ়ি তোলাৰ বাবে এনে পদক্ষেপ বৃদ্ধি কৰা উচিত। অনুষ্ঠানত উপস্থিত থাকে আইপিএছ, এডিজিপি (এছবি) হিৰেণ চন্দ্ৰ নাথ, আইপিএছ, এএছডিএমৰ এম ডি অংকুৰ জৈনকে আদি কৰি কে’বাজনো বিশিষ্ট ব্যক্তি।