গুৱাহাটী : অসম আৰু অসমীয়াৰ বাবে সুখবৰ, অসমীয়াৰ স্বাভিমান, হেঁপাহৰ গামোচাখনে পালে আন্তৰাষ্ট্ৰীয় স্বীকৃতি (G I Teg)। অসমীয়াৰ পৰিচয় গামোচাখনৰ এই স্বীকৃতিত আনন্দিত প্ৰতিজন অসমীয়াৰ লগতে শিপিনীসকল।

কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় সংস্থা ই পি চি এইচয়ে প্ৰদান কৰা এই স্বীকৃতিত গামোচাই সমগ্ৰ বিশ্বতে সুকীয়া পৰিচয় লাভ কৰিলে। গামোচাই পোৱা এই স্বীকৃতি অসমৰ বাবে গৌৰৱ বুলি টুইটযোগে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে গামোচাক দিয়া এই স্বীকৃতি বাবে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে।

প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গামোচাক সদায় সন্মান জনাই আহিছে বুলিও টুইটযোগে মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।
“অসমৰ স্বাভিমানক সন্মান দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে সদায় চেষ্টা কৰি আহিছে” বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰে। জি আই টেগ পোৱাৰ পিছতে অসমীয়া শিপিনীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব বুলি টুইট যোগে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী পিযুষ গুৱেলৰ।

উল্লেখযোগ্য যে ই পি চি এইচয়ে অসমীয়াৰ স্বাভিমান গামোচাই জি আই টেগ লাভ কৰিবলৈ সক্ষম হোৱা বুলি ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে প্ৰকাশ কৰিছিল অসমীয়াৰ বাবে এই সুখবৰটো।এটা জাতিৰ সংস্কৃতি সমগ্ৰ বিশ্ববাসীৰ আগত উপস্থাপন কৰাৰ বাবে এটা সম্পদক এই স্বীকৃতি প্ৰদান কৰা হয়। তাত সেই সম্পদটোৰ মূল্য, কৰ্ম, বৈশিষ্ট্য সকলো বিবেচনা কৰা হয়।

সৰ্বপ্ৰথমে অসমৰ মুগা চিল্ক জি আই টেগ লাভ কৰিছিল। মুগাৰ পিছতে চকোৱা চাউলে এই স্বীকৃতি লাভ কৰিছিল। অসমীয়া জাতিৰ পৰিচয়, স্বাভিমান গামোচাখনে পোৱা ৰাষ্ট্ৰীয় স্বীকৃতিয়ে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ অসমীয়া জাতিৰ লগতে শিপিনীসকলক। গামোচাই জি আই টেগ লাভ কৰাত অসমীয়া শিপিনী সমাজ ইয়াৰ দ্বাৰা অধিক লাভৱান হ’ব।