বিলাসীপাৰা : অৱশেষত আৰক্ষীৰ জালত পৰিল গেং অৱ ডেভিলছৰ (Gang of Devils) সদস্য। বিলাসীপাৰাৰ গেং অৱ ডেভিলছৰ দুজন উদণ্ড যুৱকক গ্ৰেপ্তাৰ। মঙলবাৰে নিশাৰ ভাগত আৰক্ষীয়ে আত্মগোপন কৰি থকা গেং অৱ ডেভিলছৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে। 

সামাজিক মাধ্যমত এটা ভিডিঅ’ আপলোড কৰি এক প্ৰকাৰ নিজৰ ক্ষমতাৰ প্ৰদৰ্শন কৰিছিল গেং অৱ ডেভিলছৰ সদস্যই। অপৰাধ কৰি মাত্ৰ ১০ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা বুলি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড কৰি ক্ষমতাৰ প্ৰদৰ্শন কৰিছিল গেং অৱ ডেভিলছৰ সদস্যই। থানাৰ পৰা ওলাই আহি পাৰ্টি কৰিছিল আৰু নিজৰ ক্ষমতাৰ প্ৰদৰ্শন কৰি উদণ্ড বাইকাৰ্ছ গেংৰ সদস্যই আৰক্ষীক প্ৰত্যাহ্বান জনাইছিল।

ৰাজপথত বাইক চলাই সন্ত্ৰাসৰ সৃষ্টি কৰা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বাইকাৰ্ছ গেং অৱ ডেভিলছৰ এজন সদস্যই কিছুদিন পূৰ্বে এগৰাকী মহিলাক খুন্দা মাৰিছিল। বাইকৰ খুন্দাত গুৰুত্বৰভাৱে আহত হোৱা মহিলা গৰাকীৰ মৃত্যু হৈছিল চিকিৎসালয়ত। ইফালে মহিলা গৰাকীক খুন্দা মৰা গেং অৱ ডেভিলছৰ সদস্যজনক আৰক্ষীয়ে আটক কৰিছিল যদিও কিছু সময়ৰ পিছত যুৱকজন থানাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। থানাৰ পৰা ওলাই আহিয়ে গেং অৱ ডেভিলছৰ ক্ষমতাৰ প্ৰদৰ্শন কৰি কেইজনমান যুৱকে এক ভিডিঅ’ আপলোড কৰিছিল সামাজিক মাধ্যমত।

মানুহ মাৰিও ১০ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই আহি গেং অৱ ডেভিলছৰ ক্ষমতাৰ প্ৰদৰ্শন কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। আকিৰুল ইছলাম নামৰ যুৱক এজনে ভিডিঅ’টোত বৰ্ণনা কৰিছিল যে কিদৰে গেং অৱ ডেভিলছৰ সদস্য মিনহাজুলে দুর্ঘটনা সংঘটিত কৰিও থানাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল। ইয়াৰ পিছতে গেং অৱ ডেভিলছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আকিৰুল ইছলাম আৰু মিনহাজুলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন হৈছিল।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি গেং অৱ ডেভিলছৰ সদস্য সকলৰ সন্ধানত নামি পৰে। অৱশেষত আত্মগোপন কৰি থকা আকিৰুল ইছলাম আৰু মিনহাজুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বাইকাৰ্ছ গেংটোৰ অনা সদস্য সকলৰো সন্ধান চলাই আছে আৰক্ষীয়ে। উল্লেখ্য যে ১০ ডিচেম্বৰত বিলাসীপাৰাত গেং অৱ ডেভিলৰ সদস্য মিনহাজুলৰ বাইকৰ খুন্দাত নিহত হৈছিল এগৰাকী মহিলা।