দক্ষিণ কামৰূপ, নৱেম্বৰ ৪: দক্ষিণ কামৰূপৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলী মৌজাৰ অধীনস্থ গৰৈমাৰী বিলৰজানত শুক্ৰবাৰে সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হয়৷ বৰলুইতৰ বুকুত ইখনৰ পিছত  সিখনকৈ প্ৰায় কুৰিখন গাঁও বিলিন হোৱাত অঘৰী জীৱন-যাপন কৰিবলগীয়া খহনীয়াগ্ৰস্ত ৰাইজে শুক্ৰবাৰে অদৃশ্যমানৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা পাঠ কৰে৷  চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ সহাঁৰি পোৱা নাই বুলি অভিযোগ কৰে খহনীয়া গ্ৰস্থ জনসাধাৰনে৷ পানীখাইতিৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে বকো সমষ্টিৰ সোণতলী মৌজাৰ লটৰীয়াদিয়া তথা গৰৈমাৰী বিলৰজান অঞ্চলত৷ অঞ্চলটোত প্ৰায় ১৫ বছৰ ধৰি অব্যাহত খহনীয়া৷ যাৰ ফলত শ শ পৰিয়ালে হেৰুৱাবলগীয়া হৈছে ঘৰ-দুৱাৰ, হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে সা-সম্পত্তি৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ হৈছে কান্ধাপাৰা, গৰৈমাৰী বিলৰজান, গৰৈমাৰী এন ছি, লক্ষীপুৰ, মৰিচাকান্ধী, কৰাইটাৰী, গৰৈমাৰী চৰগাঁও, বৰঘোল, কুচিয়াৰদিয়া  আদিকে ধৰি প্ৰায় কুৰিখনতকৈ অধিক গাঁৱৰ লগতে অঞ্চলটোৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, অঙ্গনাবাড়ী কেন্দ্ৰ, মক্তৱ, মাদ্ৰাছা, মছজিদ, পুথিভঁৰাল, ক্লাৱ আদিকে ধৰি অৰ্ধ শতাধিক চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান৷ অঞ্চলটোত এইবাৰৰ বাৰিষাৰ পৰাই আৰম্ভ হৈছে ব্যাপক খহনীয়া৷ তাৰমাজতেই দুই সপ্তাহ ধৰি দিনে-নিশাই চপৰা চপৰে গৰা খহনীয়াত কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ ঘৰ-দুৱাৰ, কৃষি ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে৷ ফলত অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে অঞ্চলবাসী ৷ জীৱিকাৰ সন্ধান বিচাৰি অঞ্চলবাসী দিন হাজিৰাৰ বাবে ঢাপলি মেলিবলগীয়া হৈছে গুৱাহাটা নাইবা অইন কোনো চহৰ-নগৰলৈ৷ তাতেওঁ এই সকল খহনীয়াগ্ৰস্ত ৰাইজে বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হয়৷ ইতৰ প্ৰাণীৰ দৰে ভোকে-লগনে, নিদ্ৰায়-অনিদ্ৰায় মুকলি আকাশৰ তলত বসবাস কৰিবলগীয়া এইসকল ৰাইজে৷ বিগত কংগ্ৰেছ চৰকাৰ দিনৰে পৰা বিভিন্ন দিশত অৱহেলিত হৈ আহিছে যদিও পৰিৱৰ্তনগামী বিজেপি চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যাৱস্থা গ্ৰহণৰ দাবী জনাইছে খহনীয়াগ্ৰস্থ ৰাইজে৷