শিমলুগুৰিৰ, নৱেম্বৰ ৪: আজি নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰা আৰু অবৈধ হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব লোৱা বিধেয়ক বাতিলৰ দাবীত শিমলুগুৰিৰ পৰা নাজিৰালৈকে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম আৰু সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ যৌথ উদ্যোগত বিশাল প্ৰতিবাদী সমদলৰ লগতে নাজিৰা মহকুমাধিপতিৰ যোগেদি ভাৰত চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্টসমূহৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীসকলক বিশেষকৈ বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশীক ভাৰতৰ নাগৰিকত্ব আইন সংশোধন কৰি ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা কাৰ্যক সংগঠন দুটাই তীব্ৰ বিৰোধিতা কৰিছে৷ কাৰণ অবৈধ বাংলাদেশীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিলে তাৰ অতিমাত্ৰা প্ৰভাৱ অসমত পৰিব৷ ফলত অসমত অসমীয়া জাতিৰ প্ৰভূত্ব নিঃশেষ হ’ব। খিলঞ্জীয়া অসমীয়া জনগন সংখ্যালঘুত পৰিণত হ’ব৷ লগতে অসমীয়া ভাষাটোলৈও অস্তিত্বৰ সংকট নামি আহিব৷ সেয়েহে তেঁওলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। ২০১৫ চনৰ আগষ্ট মাহত অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত সুদীৰ্ঘ বছৰ ধৰি সশস্ত্ৰ বিপ্লৱ চলাই অহা বিদ্ৰোহী সংগঠন এন. এছ. চি.এন. (আই.এম.) ৰ সৈতে কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰ কৰা নগা ফ্ৰেমৱৰ্ক চুক্তিখন দুবছৰ হৈ যোৱাৰ পাছতো চুক্তিখনত থকা বিষয়সমূহ ৰাজহুৱা কৰা নাই। ফলত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত বাস কৰা অসমীয়া জনসাধাৰণ আতংকিত হৈ পৰিছে। কাৰণ এন.এছ.চি.এনে. অসমৰ বিভিন্ন জিলাৰ বহু হাজাৰ হেক্টৰ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তিৰ বাবে দাবী জনাই আহিছে আৰু তাৰ মানচিত্ৰত প্ৰকাশ কৰি অহাৰ সমান্তৰালভাৱে বিভিন্ন সময়ত সীমামূৰীয়া অসমৰ ৰাইজৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলাই আহিছে। ফলত সীমান্ত অঞ্চলত বাস কৰা অসমীয়া অসমীয়া জনসাধাৰণে নিৰাপত্তাহীনতাত ভূগিছে। তেঁওলোকে স্পষ্টভাৱে জনাব বিচাৰিছে যে, নগা বিদ্ৰোহী সংগঠন এন.এছ.চি.এন. (আই.এম.) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যি চুক্তিয়ে নহওক তাত তেওঁলোকৰ কোনো আপত্তি নাই। কিন্তু কোনো কাৰণতে নগাসকলৰ সমস্যা সমাধান কৰিবলৈ গৈ অসমৰ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ’ব বুলিও উল্লেখ কৰে। অসমৰ জাতি-মাটি-ভেঁটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি অসমৰ লগতে ভাৰতৰ শাসনৰ গাদী দখল কৰাৰ পাছত প্ৰতিটো দিশতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে প্ৰতিটো দিশতে অসমক শোষন, বঞ্চনা আৰু প্ৰতাৰণা কৰি অসমক ভয়াৱহ সংকটলৈ ঠেলি দিব বিচৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে। সেয়েহে আজি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম আৰু সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ যৌথ উদ্যোগত বিশাল গণ প্ৰতিবাদী সমদলৰ জৰিয়তে সংশোধিত নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিল কৰা আৰু নগা ফ্ৰেমৱৰ্ক চুক্তি কাৰ্যকৰী কৰাৰ আগতে চুক্তিখনত সন্নিবিষ্ট চৰ্ত তথা বিষয়সমূহ অতি শীঘ্ৰে ৰাজহুৱা কৰিবলৈ দাবী জনাইছে৷