গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ত অব্যহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ। মঙলবাৰে

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ সন্মূখত বিশ্ববিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ গোটে ‘আহোৰাত্ৰ সংগ্ৰাম শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অসমে কোনো কাৰণতে এই বিতৰ্কিত আইন মানি নলয় বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে। সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত আইনী যুঁজৰ সমান্তৰালকৈ গণতান্ত্ৰিক প্ৰতিবাদ চলাই যোৱাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে। সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন চৰকাৰী পক্ষই বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগও উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। এনে কাৰ্যৰ পৰা চৰকাৰক বিৰত থাকিবলৈ সকিয়াই দিয়ে প্ৰতিবাদকাৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ ছাত্ৰ-ছাত্ৰী সকলে।