গুৱাহাটী, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ : গুৱাহাটীত পুনৰ ৰে’ল আৰক্ষীয়ে জব্দ কৰে ৪০ লাখ মূল্যৰ সোণৰ বিস্কুট। ব্ৰহ্মপুত্ৰ মেইল যোগে মুম্বাইলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰা হয় সোণখিনি ।

উল্লেখযোগ্য যে মণিপুৰৰ পৰা অনা হৈছিল উক্ত সোণখিনি।

ইতিমধ্যে সোণ সৰবৰাহকাৰী আব্দুল ৰহিম ফাৰুকক সোণসহ আটক কৰিছে আৰক্ষীয়ে । সৰবৰাহকাৰীজনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

জব্দ কৰা সোণখিনিত আছিল ৬ খন সোণৰ বিস্কুট।