ৰঙিয়া, সংবাদ ৩৬৫, ১৯ অক্টোবৰ : কেন্দ্ৰীয় হজ কমিটিয়ে পবিত্ৰ হজ যাত্ৰাৰ নামত অসম তথা উত্তৰ-পূৱৰ হজযাত্ৰীসকলৰ পৰা বিমান ভাড়াৰ নামত অত্যাধিক হাৰত ধন আদায় কৰাক লৈ ৰঙিয়াত এক প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰে সদৌ অসম গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদ, ৰঙিয়া মহকুমা সমিতিয়ে।

ৰঙিয়া মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধর্মঘট পালন কৰি কেন্দ্ৰীয় হজ কমিটিৰ এনে স্বজন-তোষণৰ নীতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীক বিষয়টোত হস্তক্ষেপ কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কেন্দ্ৰীয় কমিটিৰ সম্পাদক মইনুল হকে কয় যে কেন্দ্ৰীয় হজ কমিটিৰ লগত লগ হৈ অসমৰ কেইজনমান লোকে পবিত্ৰ হজৰ নামত এক বৃহৎ ছিণ্ডিকেট ৰাজ চলাই আছে। হজ যাত্ৰীসকলৰ পৰা বিমান ভাড়াৰ নামত অত্যাধিক হাৰত ধন আদায় লৈ আছে ।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰীসকলৰ ওপৰত আৰোপ কৰা অতিৰিক্ত বিমান ভাড়া প্ৰত্যাহাৰ কৰি সকলো ৰাজ্যৰ হজ যাত্ৰীৰ পৰা সমানে ভাড়া লবলৈ দাবী তোলে সংগঠনটোৱে ।