নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ অক্টোবৰ : মহাকাশত খোজ কাঢ়িব দুগৰাকী মহিলা মহাকাশযাত্ৰী ক্ৰমে ক্ৰিষ্টীনা ক’চ আৰু

জেছিকা মীৰে। এই দুয়োগৰাকী নাছাৰ মহিলা মহাকাশযাত্ৰী ।

নাছাই জানিবলৈ দিয়া অনুসৰি, নাছাৰ মহিলাসকলৰ দ্বাৰা আয়োজিত কৰা হৈছে এই অভিযান আৰু এই অভিযানত এইবাৰ প্ৰথমবাৰলৈ খোজ কাঢ়িব মহাকাশত।

দ্য ৱাল ষ্ট্ৰীত জাৰ্নেলত প্ৰকাশিত অনুসৰি, চাৰিজন পুৰুষ মহাকাশযাত্ৰী থাকিব ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ভিতৰত। বেটাৰী চাৰ্জাৰৰ মেৰামতি কৰিবৰ বাবে স্পেচ ষ্টেচনটোৰ বাহিৰত থাকিব মহিলা মহাকাশযাত্ৰী ক্ৰমে ক্ৰিষ্টীনা ক’চ আৰু
জেছিকা মীৰ।