মানকাচৰ : বিজ্ঞানসন্মতভাৱে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ছাত্ৰ মঞ্চৰ বিক্ষোভ কাৰ্যসূচী। বিজ্ঞানসন্মতভাৱে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ছাত্ৰ মঞ্চই খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ।

মঙলবাৰে দিনৰ প্ৰায় দুই বজাত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ফকিৰগঞ্জ আঞ্চলিক ছাত্ৰ মঞ্চই অঞ্চলটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ বিজ্ঞানসন্মতভাৱে স্থায়ী প্ৰতিৰোধৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ফকিৰগঞ্জ আঞ্চলিক ছাত্ৰ মঞ্চই খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ এলেকাত দীৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। শেহতীয়া বানৰ পিছত অঞ্চলটোৰ দুই শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, শ শ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে কেবাটাও শিক্ষানুষ্ঠান, ফকিৰগঞ্জ থানা, বজাৰ গৰাখহনীয়াৰ কবলত পৰিছে। ফকিৰগঞ্জ অঞ্চলৰ এই গৰাখহনীয়া স্থায়ীভাৱে প্ৰতিৰোধ কৰিবলৈ বিজ্ঞানসন্মত ব্যৱস্থা হাতত ল’বলৈ প্ৰতিবাদকাৰী সকলে চৰকাৰক দাবী জনায়।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ ফকিৰগঞ্জ নদীৰ পাৰৰ পৰা দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমফল উলিয়াই বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত উপস্থিত হৈ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।