Mainul Haque
ৰঙিয়া, ২৫ এপ্ৰিল : বাৰিষাৰ অহাৰ পূৰ্বে নিদ্ৰা হৰণ হাচানটুকবাসী ৰাইজৰ (Hassantuk area of Rangia)। বাৰিষা আহিলে হাচানটুক অঞ্চললৈ নামি আহে ঘোৰ অমানিশা। মেঘৰ গুমগুমনিত বুকু কঁপি উঠে হাচানটুক অঞ্চলৰ ৰাইজৰ। ইতিমধ্যে বাৰিষাই গৃহহীন (Homeless) কৰিছে অঞ্চলটোৰ কেইবাটাও পৰিয়ালক।

বহাগৰ আগমনৰ লগে লগে আৰম্ভ হৈছে ধুমুহা-বৰষুণ (Thunderstorms)। উজনিৰ পৰা নামনিলৈকে ইতিমধ্যে ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ পৰিয়াল (Thunderstorms effected People)। অসমীয়া নৱ বৰ্ষতে ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিয়ে গৃহহীন কৰিছে বহু লোকক। বহাগৰ ধুমুহা-বৰষুণ জাকে আগজনীনি দিছে বানৰ। প্ৰতিবছৰে বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰা বান প্ৰভাৱিত অঞ্চল সমূহৰ ৰাইজৰ বাৰিষাৰ আগমনৰ পূৰ্বে শংকিত হৈ পৰিছে।

ৰাজ্যৰ বান প্ৰভাৱিত অঞ্চল সমূহত ভিতৰত অন্যতম অঞ্চল হৈছে কামৰূপ জিলাৰ ৰঙিয়া (Flood Effected area of Rangia)। প্ৰৰিবছৰে ৰঙিয়াৰ বিস্তীৰ্ণ অঞ্চল বানৰ পানীত ডুব যায়। এইবোৰ ৰঙিয়াত বানৰ তাণ্ডৱ কলাৰ আশংকাত আতংকিত হৈ পৰিছে ৰঙিয়াৰ বহু অঞ্চলৰ ৰাইজ। বাৰিষাৰ পূৰ্বেই বিশেষকৈ ৰঙিয়াৰ নিকটৱর্তী হাচানটুক আঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ হৈছে। বাৰিষা আহিল, মানে এই অঞ্চললৈ নামি আহে ঘোৰ অমানিশা।

বছৰ-বছৰ ধৰি ৰঙিয়াৰ নিকটৱর্তী হাচানটুক আঞ্চলত বৰলীয়া নৈয়ে চলাই আহিছে তাণ্ডৱলীলা। বাৰিষাৰ সময়ছোৱাত অঞ্চলটো বানৰ পানীত ডুব যোৱাত এফালে যদি অঞ্চলটোৰ ৰাইজ আশ্ৰয় শিবিৰত যাবলৈ বাধ্য হয় আনফালে তাণ্ডৱ চলায় বৰলীয়া নৈৰ গৰাখহনীয়াই। বৰলীয়া নৈৰ গৰাখহনীয়াত (Borlia River Erosion) ইতিমধ্যে জাহ গৈছে হাচানটুক আঞ্চলৰ কেইবাবিঘা কৃষি ভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

বছৰ-বছৰ ধৰি হাচানটুক অঞ্চলত বৰলীয়া নৈয়ে তাণ্ডৱ চলাই অহাৰ পিছতো কাণসাৰ নাই বিভাগীয়া কৰ্তৃপক্ষৰ। এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে এই অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বানজ নাইছে অঞ্চলটোৰ ৰাইজে। এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰে গৰাখহনীয়া, বানপানী, মথাউৰি আদি নির্মাণ কৰাৰ নামত সমাজিক মাধ্যমত ঢাক-ঢোল বজাই আছে, তেনে সময়তে বছৰ বছৰ ধৰি হাচাটুক অঞ্চলবাসীয়ে দুৰ্ভোগ ভুগি থকাটো চিন্তনীয় বিষয় নহয়নে?

বান আৰু গৰা খহনীয়া প্ৰভাৱিত অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অঞ্চলটোক ৰক্ষা কৰিবলৈ দাবী জনাইছে। এতিয়া অঞ্চলটোক গৰাখহনীয়াৰ কবলপ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তে লক্ষ্যণীয় হ’ব। বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি অহা অঞ্চলটোৰ ৰাইজে এইবাৰো দুৰ্ভোগ ভুগিব লাগিব নেকি।