মুৰফুলনি, ২৯ নৱেম্বৰ: গোলাঘাট জিলাৰ মুৰফুলনি সমীপৰ উল্টাজানত যোৱানিশা এজাক বন্যহস্তীয়ে উপদ্ৰৱ চলাই দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায়। জানিব পৰা মতে, যোৱানিশা ১২ মান বজাত নামবৰ বনাঞ্চলৰ ফালৰ পৰা অহা হাতীজাকে উল্টাজানৰ ললিত গগৈ আৰু অজিত তামুলী নামৰ ব্যক্তি দুজনৰ বাসগৃহ ভঙাৰ উপৰিও বিচনা, বাচন-বৰ্তন চূৰ্ণ-বিচূৰ্ণ কৰি, চাউল-নিমখ, বাৰীৰ কলগছ, ধাননি পথাৰ সকলো তহিলং কৰে। পৰিয়াল দুটাৰ লোকসকলে কোনোমতেহে প্ৰাণৰক্ষা পৰে হাতীৰ আক্ৰমণৰ পৰা। অন্যহাতে, মুৰফুলনি খণ্ড বন কাৰ্যালয়ৰ বনবিষয়াক স্থানীয় লোকে ফোন কৰিছিল যদিও তেওঁলোকে ফোন অফ কৰি অঞ্চলটোলৈ সহায় কৰিবলৈ নাহিল বুলি স্থানীয় লোকে অভিযোগ কৰিছে। লগতে পৰিয়াল দুটাক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে অঞ্চলবাসীয়ে।