হাটশিঙিমাৰী : হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ মানকাচৰত একেলগে ৫০ হেজাৰ আত্মসহায়ক গোটৰ সদস্যৰ ঘৰত তিনিদিনীয়াকৈ উৰিব জাতীয় পতাকা। আজাদি কা অমৃত মহোৎসৱ উপলক্ষে এইবাৰ দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ আহ্বান জনাইছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও অসমবাসী ৰাইজক ঘৰে ঘৰে তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনি সফল ৰূপায়ন কৰাৰ বাবে আহ্বান জনাইছে। ইফালে হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনিৰ সফল ৰূপায়ণৰ বাবে মানকাচৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হাটশিঙিমাৰী জিলা প্ৰকল্প প্ৰবন্ধক গোটৰ অধীনত ৪২ খন গাঁও পঞ্চায়তত ৪২ টা ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে।

বুধবাৰে অতিৰিক্তভাৱে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত আন এখন ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্র মুকলি কৰা হয়। জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুমে এই ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। জিলাখনৰ প্ৰতিজন লোকক হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনি সফল কৰিবলৈ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিবলৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

উল্লেখ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হাটশিঙিমাৰী জিলা প্ৰকল্প প্ৰবন্ধক গোটৰ কাৰ্যালয়ৰ পৰা মুঠ ৫০ হেজাৰ আত্মসহায়ক গোটৰ সদস্যৰ ঘৰত এইবাৰ একেলগে তিনিদিনীয়াকৈ পতাকা উত্তোলন কৰি আজাদি কা অমৃত মহোৎসৱ উদযাপন কৰা হ’ব। প্ৰতিজন লোকৰ ঘৰত তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনি সফল কৰাৰ সংকল্প লোৱা হৈছে বুলি জিলা প্ৰকল্প প্ৰবন্ধক গোটৰ বিষয়া ছৈয়েদ মুফতি আলমে জানিবলৈ দিয়ে।